thumbnail

বুজন পৰিমাণৰ ড্ৰাগছসহ তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 2:31 PM IST

ডিব্ৰুগড়,১৬ ফেব্ৰুৱাৰী: ডিব্ৰুগড় আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই থকাৰ পাছতো বৰ্তমানো ডিব্ৰুগড় জিলাখনত ড্ৰাগছ সৰবৰাহ বন্ধ হোৱা নাই । জিলাখনৰ বিভিন্ন আৰক্ষী থানা এলেকাত প্ৰতিদিনে জব্দ হৈ আছে বৃহৎ পৰিমাণৰ ড্ৰাগছ । পুনৰ দুলীয়াজান আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক কৰে তিনিটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক । নিশা দুলীয়াজান আৰক্ষী থানাৰ পৰিদৰ্শক ভাস্কৰ শইকীয়াৰ নেতৃত্বত চলা অভিযানত AS06-R-2996 বুলেটসহ তিনিটাকৈ সৰবৰাহকাৰীক আটক কৰে দুলীয়াজান আৰক্ষীয়ে ।  

অভিযান কালত এটা চাবোনৰ বাকচ আৰু চাধা টেমাত ভৰাই থোৱা অৱস্থাত ৮, ৩৫,গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে । আটকাধীন তিনি ড্ৰাগছ সৰবৰাহকাৰী হৈছে দুলীয়াজান মহল পথৰ মদন দে, দুলীয়াজান জয়ানগৰ সেউজপুৰৰ উৎপল শইকীয়া আৰু নাহৰকটীয়া চাচনী চেঙেলীজানৰ শান্তনু নিৰ্মলীয়া বুলি জানিব পৰা গৈছে । ইতিমধ্য়ে দুলীয়াজান আৰক্ষীয়ে দুলীয়াজান থানাত এটা গোচৰ পঞ্জীয়ন কৰি তিনি ড্ৰাগছ সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে । 

লগতে পঢ়ক: পলাশবাৰী আৰক্ষী থানাৰ সন্মুখত ড্ৰাগছসহ আটক 2 সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.