শিৱসাগৰত প্ৰতিবাদস্থলীৰ পৰাই আটক ছাত্ৰ মুক্তিৰ সদস্যক - SMSS Leaders Detained
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/20-01-2024/640-480-20555365-thumbnail-16x9-sivasagar.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 20, 2024, 6:22 PM IST
শিৱসাগৰ, 20 জানুৱাৰী : শিৱসাগৰত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যক আটক সদৰ আৰক্ষীৰ ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ একাধিক সদস্যক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে শিৱসাগৰ নগৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে সদৰ থানাৰ আৰক্ষীয়ে আটক কৰে সদস্য কেইজনক ৷
কৃষক মুক্তিৰ ৰিতুমণি শইকীয়া, বিদ্যুৎ শইকীয়াকে ধৰি একাধিক সদস্যক বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত শিৱসাগৰ জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিছিল ৷
আৰক্ষীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত বাধা প্ৰদান কৰি পুত্তলিকা কাঢ়ি লোৱাৰ লগতে প্ৰতিবাদকাৰী ক্ৰমে কল্যাণ তামুলী, অভিজিত চেতিয়া, চন্দন গগৈকে ধৰি কেইবাজন সদস্যক আটক কৰি শিৱসাগৰ সদৰ থানালৈ লৈ আহে ৷ উল্লেখযোগ্য যে অমিত শ্বাহৰ অসম ভ্ৰমণ কৃষক মুক্তিয়ে বিৰোধ কৰাৰ আশংকাত আৰক্ষীয়ে সংগঠনটোৰ একাধিক নেতাক গ্ৰেপ্তাৰ কৰিছিল ৷
লগতে পঢ়ক : ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাহ কৰিলে মুখ্যমন্ত্ৰীৰ পুত্তলিকা