শিৱসাগৰত শ্ৰমিক নিগ্ৰহৰ ঘটনা : বৰপেটা সদৰ থানাত ভুক্তভোগীৰ এজাহাৰ - sivasagar miya muslims row

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 9:15 PM IST

thumbnail
বৰপেটা সদৰ থানাত ভুক্তভোগীৰ এজাহাৰ দাখিল (ETV Bharat Assam)

বৰপেটা, ২৭ আগষ্ট : শেহতীয়াকৈ উজনি অসমৰ পৰা বহিৰাগতক বিতাড়নৰ প্ৰক্ৰিয়া জোৰদাৰ হৈ উঠিছে । বিশেষকৈ বংগমূলীয় লোকসকলক উজনি অসম ত্যাগ কৰিবলৈ সকীয়নি প্ৰদান কৰায়ে নহয়, ইয়াৰ বাবে সময়সীমাও নিৰ্ধাৰণ কৰি দিয়া হৈছে । তাৰ মাজতে উত্থাপিত হৈছে শ্ৰমিক নিগ্ৰহৰ ঘটনা ।

শিৱসাগৰত এই শ্ৰমিক নিগ্ৰহৰ ঘটনাৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত ভুক্তভোগীয়ে দাখিল কৰে এজাহাৰ । বিজেপি নেতা ময়ূৰ বৰগোঁহাইৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ভুক্তভোগী শ্ৰমিকে । উল্লেখ্য যে চৰাইদেউত দক্ষতা বিকাশৰ বিল্ডিং নিৰ্মাণৰ কামত জড়িত একাংশ শ্ৰমিকক শনিবাৰে এচাম দুৰ্বৃত্তই আছুৰ নাম লৈ মাৰপিট কৰি খেদি পঠাইছিল ।

এই ঘটনাৰ পিচতে ৰাজ্যৰ ৰাজনীতিত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । শেহতীয়াভাৱে চৰাইদেউত নিগৃহীত শ্ৰমিকসকলে মঙলবাৰে বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰে । এজাহাৰ দাখিল কৰাৰ পিছত ভুক্তভোগীৰ দাবী, শিৱসাগৰৰ বিজেপি নেতা তথা ঠিকাদাৰ ময়ূৰ বৰগোঁহাইৰ ওচৰত কামৰ বাবদ পাবলৈ আছে প্ৰায় ১৫ লাখ টকা । শ্ৰমিককেইজনে পাবলগীয়া এই টকাৰ বাবেই পৰিকল্পিতভাৱে এই নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱা বুলি দাবী কৰে ভুক্তভোগীয়ে । 

লগতে পঢ়ক :সদনৰ মজিয়াত মুখ্যমন্ত্ৰীৰ ৰুদ্ৰমূৰ্তি : নামনিৰ মিঞাক উজনিলৈ যাব নিদিওৱেই, যি কৰে কৰক - Assam Assembly Autumn Session
লগতে পঢ়ক :উজনি, মিঞা আৰু মাছ: প্ৰয়োজনত উজনিলৈ মাছ-পাচলি পঠোৱাত নিজেই নেতৃত্ব ল’ব পদ্ম হাজৰিকাই - Assam Miya controversy

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.