শিক্ষকে বহী-কিতাপ এৰি হাতত তুলি ল’লে বেট-বল

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 11:46 AM IST

thumbnail

শিৱসাগৰ, 26 জানুৱাৰী : শিৱসাগৰত 22 গজৰ যুঁজত অৱতীৰ্ণ হ’ল শিক্ষা বিভাগত কৰ্মৰত শিক্ষক কৰ্মচাৰী । শিৱসাগৰ জিলা শিক্ষা বিভাগৰ উদ্যোগত স্বৰ্গীয় ৰাজকুমাৰ দেউৰী আৰু স্বৰ্গীয় গুণ দত্ত সোঁৱৰণী চলন্ত টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাখনি কালিৰে পৰা আৰম্ভ হৈছে ৷ শিৱসাগৰৰ দৰবাৰ খেলপথাৰত পাঁচদিনীয়াকৈ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনি উদ্বোধন কৰে জিলা শিক্ষা বিষয়া দেৱজ্যোতি গগৈয়ে ।

উদ্বোধনী অনুষ্ঠানত উত্তৰ-পূৱৰ প্ৰথমগৰাকী অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱাৰ লগতে শিৱসাগৰৰ কেইবাগৰাকী ক্ৰীড়া সংগঠকে অংশগ্ৰহণ কৰে । শিৱসাগৰ শিক্ষাখণ্ডৰ ডিমৌ, সাপেখাটী, আমগুৰি, নাজিৰা, খেলুৱা, সোণাৰি তথা আই এচ কাৰ্যালয় একাদশ আৰু সৰ্বশিক্ষা একাদশৰ দলে প্ৰতিযোগিতাখনিত অৱতীৰ্ণ হ’ব ৷ এই প্ৰতিযোগিতাখনিয়ে সকলো কৰ্মচাৰী-শিক্ষকসকলৰ মাজত আত্মীয়তা গঢ়ি তুলিব বুলি আশা প্ৰকাশ কৰে অংশগ্ৰহণকাৰীয়ে ৷

লগতে পঢ়ক : 2024ত অগপৰ ৰাজনৈতিক শক্তি বৃদ্ধি হ’ব বুলি নিশ্চিত অতুল বৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.