শিলসাঁকোৰ উচ্ছেদিতক পুনৰ সংস্থাপনৰ সিদ্ধান্ত নল’লে ভয়াৱহ প্ৰতিবাদৰ হুংকাৰ - Silsako Eviction
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/21-02-2024/640-480-20809151-thumbnail-16x9-silsako.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Feb 21, 2024, 10:47 PM IST
গুৱাহাটী, 21ফেব্ৰুৱাৰী : শিলসাঁকোৰ উচ্ছেদিতই পুনৰ সংস্থাপন আৰু উপযুক্ত ক্ষতিপূৰণৰ দাবীৰে নিৰৱচ্ছিন্ন ভাৱে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷ কিন্তু বৰ্তমানলৈকে চৰকাৰে উচ্ছেদিত সকলৰ দাবীসমূহ পূৰণ কৰা নাই ৷ সেয়েহে চলিত বিধান সভা অধিবেশনৰ সময়ত পুনৰ শিলসাঁকোৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ নেতৃত্বত জোৰদাৰ প্ৰতিবাদ গঢ়ি তুলিছে উচ্ছেদিতই ৷
নিজৰ কষ্টোপাৰ্জিত ধনেৰে নিৰ্মাণ কৰা ঘৰখন ভাঙি দিয়াৰ পাছত দুখ আৰু বেদনা সহিব নোৱাৰি হৃদযন্ত্ৰ বিকল হৈ অথবা উচ্চ ৰক্তচাপ জনিত ৰোগত অকালতে কৰুণ মৃত্যুক আঁকোৱালি লোৱা সতীৰ্থ আন্দোলনকাৰী সকলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰতিবাদকাৰী সকলে ৷ আন্দোলনৰ নেত্ৰী গায়ত্ৰী বৰিয়ে তীব্ৰ উষ্মা প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত কয় যে চৰকাৰৰ কোনো ভাবুকি লৈ প্ৰতিবাদকাৰী সকলে ভয় নকৰে ৷ চৰকাৰে আন্দোলন বন্ধ কৰিবৰ কাৰণে তীব্ৰ চাপ সৃষ্টি কৰিছে, প্ৰতিবাদকাৰী সকলৰ মাজত বিভাজন ঘটাব বিচাৰিছে ৷ কিন্তু সকলো এক হৈ আছে আৰু এক হৈ থাকিব ৷ চৰকাৰে উচ্ছেদিতক পুনৰ সংস্থাপন দিবই লাগিব তাৰ বাবে প্ৰতিবাদকাৰী সকল বদ্ধ পৰিপকৰ ৷ শেষ পৰ্যায়লৈকে যুঁজাৰ লগতে উচ্ছেদিতক উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন দিবই লাগিব বুলি মন্তব্য কৰে তেওঁ ৷
লগতে পঢ়ক : খেৰণিৰ হিংসা : বেদখলকাৰীৰ বিৰুদ্ধে জাননী জাৰি, ১০ চৰকাৰী গাঁওবুঢ়াক বৰ্খাস্ত