শিলচৰৰ এগৰাকী ট্ৰেফিক আৰক্ষীৰ ভাইৰেল ভিডিঅ’ই লাভ কৰিছে প্ৰশংসা - VIRAL VIDEO

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 4:32 PM IST

thumbnail

শিলচৰ, 10 এপ্ৰিল : শিলচৰত এগৰাকী যান-বাহন আৰক্ষীৰ এক হৃদয়স্পৰ্শী কাৰ্যই বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷ চহৰখনৰ আটাইতকৈ ব্যস্ত অঞ্চল ৰঙাৰখাৰী জংচন পথত থকা গাঁত এটা পুতিবলৈ ট্ৰেফিক আৰক্ষীজনক বেলচাৰে শিল তুলি লোৱা দেখা গ’ল ৷ ৰাকেশ সিনহা নামৰ যান-বাহন আৰক্ষীগৰাকীৰ এই কাৰ্যৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ ব্যাপক প্ৰশংসা লাভ কৰিছে ৷

পথত থকা প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ বাবে প্ৰতিদিনেই পথটোত সৃষ্টি হয় যানজঁটৰ ৷ ফলত দীৰ্ঘদিন ধৰি পথচাৰীসকল বহু অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷ এই সমস্যা প্ৰত্যক্ষ কৰি কৰ্মৰত আৰক্ষী জোৱানজন পথৰ গাঁত ঠিক কৰাত নিজেই নামি পৰে ৷ হাতত বেলচা লৈ পথৰ কাষত থকা মাটি-শিল-ইটাৰে গাঁত পোতা দেখা গ’ল জোৱানজনক ৷ সম্প্ৰতি এই দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাচত আৰক্ষী জোৱানজনৰ এনে পদক্ষেপক শলাগ লৈছে সাধাৰণ ৰাইজে ৷

লগতে পঢ়ক : ই-ৰিক্সা চালকক চৰ শোধাই ৰিজাৰ্ভ ক্ল'জ হ’ল আৰক্ষী কনিষ্টবল - Reserve Closed To Police Constable

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.