মাৰ্ঘেৰিটাত বন্দুকৰ শব্দ, কাৰ বাবে আছিল বুলেট ? - Firing in Margherita

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 10:54 PM IST

thumbnail
মাৰ্ঘেৰিটাত বন্দুকৰ শব্দ (ETV Bharat Assam)

তিনিচুকীয়া,১২ ছেপ্টেম্বৰ: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত বুধবাৰে মাজনিশা সৃষ্টি হয় এক আতংকময় পৰিস্থিতিৰ । গুলীৰ শব্দত কঁপি উঠিল মাৰ্ঘেৰিটাৰ হিলভিউ । পৰৱৰ্তী সময়ত মাৰ্ঘেৰিটা আৰক্ষীয়ে তৎপৰতাৰ ঘটনা সংক্ৰান্তত আটক কৰে চাৰিজনকৈ যুৱকক । আটকাধীন যুৱক কেইজন হ'ল ক্ৰমে বসন্ত বুঢ়াগোঁহাই, অৰূপ বৰুৱা, প্ৰদীপ কলিতা আৰু সুমিত সূত্ৰধৰ । বসন্ত বুঢ়াগোঁহাই ডিগবৈৰ বাসিন্দা হোৱাৰ বিপৰীতে বাকীকেইজন মাৰ্ঘেৰিটাৰ বাসিন্দা । মাৰ্ঘেৰিটাৰ আৰক্ষীয়ে স্প্লিট ভিল্লা ৰিজৰ্টৰ স্বত্বাধিকাৰী বসন্তৰ পৰা ঘটনাস্থলীত এটা অনুজ্ঞাপত্ৰ থকা পিষ্টল আৰু চাৰি জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰে ।  

মাৰ্ঘেৰিটা আৰক্ষী বিষয়াই ঘটনাস্থলীত উদ্ধাৰ কৰা খালী কাৰ্টুজ বসন্তৰ পিষ্টলৰ গুলী বুলি প্ৰাথমিক তদন্তত নিশ্চিত কৰে আৰু পিষ্টলটো জব্দ কৰে । অৱশ্যে উক্ত অভিযুক্তজনে গুলীটো শূন্যলৈ নে কাৰোবাক উদ্দেশ্যে কৰি চলাইছিল সেই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই আৰক্ষীয়ে । আৰক্ষীয়ে নিশাই বিলাসী গাড়ীসহ আটাইকেইজনক আটক কৰি আৰক্ষী থানালৈ লৈ যায় । ইয়াৰ বিপৰীতে আটকাধীন যুৱকজনে গুলী চলোৱা নাই বুলি আৰক্ষীৰ সন্মুখত মন্তব্য কৰা পৰিলক্ষিত হয় । 

লগতে পঢ়ক: তলা নথকা লক্আপত ফটোৰ বাবে প’জ ! চুমি-তাৰ্কিকক এনেদৰে কোনে কৰিলে ৰাজহুৱা ? - Sumi Tarkik Locked Up

'ডেষ্টিনেশ্যন' লকআপ ! ডিব্ৰুগড় ক্লাৱ হাউচৰ পৰা পোনে পোনে লক আপলৈ - Dibrugarh police station

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.