thumbnail

মুম্বাই বিমানবন্দৰত আব্ৰামৰ হাত এৰি নিদিলে শ্বাহৰুখে - abram khan Shah Rukh Khan video

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 4:31 PM IST

চিটাৰা ডেস্ক, 20 জুন : ২০ জুনৰ পুৱা মুম্বাই বিমানবন্দৰত দেখা যায় শ্বাহৰুখ খান আৰু তেওঁৰ সৰু ল’ৰা আব্ৰামক । বিমানবন্দৰলৈ সোমাই যোৱাৰ সময়ত শ্বাহৰুখে আব্ৰামৰ হাতখন জোৰেৰে খামুচি ধৰি আছিল । জানিব পৰা মতে দুয়ো লণ্ডনলৈ গৈ আছে । গাড়ীৰ পৰা নামি অহাৰ লগে লগে তাত থকা পাপাৰাজ্জীয়ে শ্বাহৰুখৰ ওচৰলৈ গৈ তেওঁক ফটোৰ বাবে প’জ দিবলৈ অনুৰোধ জনায় ৷ ক’লা জেকেট আৰু নীলা পেণ্টৰ সৈতে বগা চাৰ্ট পিন্ধা জোৱান অভিনেতাগৰাকীয়ে টাৰ্মিনেল বিল্ডিঙৰ ফালে গৈ থাকোঁতে কেমেৰাৰ ফালে চাই হাঁহিলে । চেক-ইন কাউণ্টাৰলৈ যোৱাৰ পথত শ্বাহৰুখ আৰু আব্ৰামক হাতত হাত থৈ খোজ কাঢ়ি যোৱা দেখা গ’ল । ছবিৰ কথা ক’বলৈ গ’লে খানে বিগত বছৰৰ ডিচেম্বৰ মাহত চিনেমাগৃহত মুক্তি পোৱা ৰাজকুমাৰ হিৰাণীৰ ‘ডাংকি’ ছবিত অভিনয় কৰিছিল । ছবিখনত বিকী কৌশল, তাপসী পন্নু আৰু বোমন ইৰাণীৰ উল্লেখযোগ্য ভূমিকা আছিল । শ্বাহৰুখৰ হাতত এতিয়া আছে টাইগাৰ বনাম পাঠান ।

লগতে পঢ়ক : শীঘ্ৰেই পিতৃ-মাতৃ হ’বলগীয়া দীপিকা-ৰণবীৰে টুইনিং লুকেৰে মুহিলে সকলোকে - Ranveer Deepika airport look

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.