খাদ্যত বিষক্ৰিয়া: দৰঙৰ পাথৰিঘাটত প্ৰায় ২৬ গৰাকী লোক অসুস্থ - Food poisoning

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 1:18 PM IST

thumbnail
খাদ্যত বিষক্ৰিয়া হৈ দৰঙৰ পাথৰিঘাটত প্ৰায় ২০ গৰাকী লোক অসুস্থ (ETV Bharat)

মঙলদৈ,২৬ আগষ্ট : দৰং জিলাৰ পাথৰিঘাটত চাঞ্চল্যকৰ ঘটনা । খাদ্যত বিষক্রিয়া হৈ একেদিনাই প্রায় ২০ গৰাকী লোক অসুস্থ হৈ পৰে । অসুস্থ লোকসকলক নিশাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । জানিব পৰা মতে দুনীৰ নিকটৱর্তী হৰিপুৰ গাঁৱৰ এটা পৰিয়ালত বিশেষ অনুষ্ঠান আছিল । য'ত আহাৰ গ্ৰহণ কৰি একাংশ লোক অসুস্থ হৈ পৰে । বিশেষকৈ শৌচ, বমি, পেটৰ বিষ আদি লক্ষণে দেখা দিয়াত নিশাই প্রায় ৮.৩০ মান বজাত দুনী মহাত্মা গান্ধী আদর্শ চিকিৎসালয়ত এটি কণমানিসহ ৫ গৰাকী লোকক ভৰ্তি কৰোৱা হয় । আন ৯ গৰাকী লোকক পাথৰিঘাট খণ্ড প্রাথমিক চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে ছিপাঝাৰ চিকিৎসালয় আৰু মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰা হয় ।

ইফালে বড়িচৌকাত আন এক অনুৰূপ ঘটনা সংঘটিত হয় । দৈ, চিৰা খাই ৬ গৰাকী লোক অসুস্থ হোৱা বুলি জানিব পৰা গৈছে । আটাইকেইগৰাকী লোকক পাথৰিঘাট খণ্ড প্রাথমিক চিকিৎসালয়ত প্রাথমিক চিকিৎসা প্রদান কৰি নিশা মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰা হয় ।

লগতে পঢ়ক :পিষ্টল দেখুৱাই দুৰ্বৃত্তই কাঢ়ি নিলে সোণৰ চেইন: আহত মহিলা - Chain Snatching

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.