পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবী কৰ্মচাৰী পৰিষদৰ - Protest against NPS
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/18-02-2024/640-480-20782213-thumbnail-16x9-nal-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Feb 18, 2024, 8:05 PM IST
নলবাৰী, ১৮ ফেব্ৰুৱাৰী: নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ ২৭ সংখ্যক বাৰ্ষিক অধিবেশনৰ আজি দ্বিতীয় দিনাৰ মুকলি সভাখন জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি বিকাশ ভট্টাচাৰ্যৰ পৌৰোহিত্যত অনুষ্ঠিত হয় ৷ নলবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত দেওবাৰে নলবাৰী নাট্য মন্দিৰত অনুষ্ঠিত হয় প্ৰতিনিধি সভা আৰু মুকলি সভাখন ৷ এই সভাতেই কৰ্মচাৰীসকলৰ পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ বাবে চৰকাৰক দাবী উত্থাপন কৰা হয় ।
আজিৰ এই অনুষ্ঠানতেই ২০২৩ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত নলবাৰী জিলাৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰা শিক্ষাৰ্থীক বঁটা প্ৰদান কৰা হয় ৷ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কৰ্মচাৰী সকলৰ পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ বাবে চৰকাৰক দাবী জনাই সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসৱ কলিতাই ।
লগতে অৱসৰী কৰ্মচাৰী সকলক শান্তিৰে জীয়াই থাকিবলৈ দিয়াৰো দাবী জনাই সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টাগৰাকীয়ে । তেওঁ কৰ্মচাৰী সকলৰ চিকিৎসাৰ ক্ষেত্ৰতো বীমাৰ ব্যৱস্থা কৰাৰো দাবী জনায় । এই মুকলি সভাখনত মুখ্য অতিথি সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসৱ কলিতাৰ লগতে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাও উপস্থিত থাকে ৷