সুৰাপায়ী পিতৃৰ অত্যাচাৰ; অতিষ্ঠ পুত্ৰই কৰিলে এই কাণ্ড ! - Golaghat murder case

By ETV Bharat Assamese Team

Published : 3 hours ago

thumbnail
সুৰাপায়ী পিতৃৰ অত্যাচাৰ;অতিষ্ঠ পুত্ৰই কৰিলে এই কাণ্ড (ETV Bharat)

গোলাঘাট,২৩ ছেপ্টেম্বৰ : গোলাঘাট জিলাৰ ২ নং বনগাঁৱত চাঞ্চল্যকৰ ঘটনা । সুৰাপায়ী পিতৃৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি নাবালক পুত্ৰই ল'লে চূড়ান্ত সিদ্ধান্ত । কিশোৰৰ আক্ৰমণত প্ৰাণ গ'ল পিতৃৰ । ইফালে কিশোৰজনৰ মাতৃয়ে অভিযোগ কৰা মতে স্বামীয়ে নিতৌ সুৰাপান কৰি ঘৰত অশান্তিৰ সৃষ্টি কৰে । তেওঁৰ লগতে দুই পুত্ৰকো মাৰধৰ কৰে । দেওবাৰেও লোকজনে সুৰাপান কৰি আহে আৰু পত্নীৰ লগতে পুত্ৰক মাৰধৰ কৰে ।

মহিলাগৰাকীয়ে অভিযোগ কৰা মতে স্বামীৰ এনে অত্যাচাৰত অতিষ্ঠ হৈ পৰে পুত্ৰ । চাহ বাগিচাৰ মাজতে প্ৰথমে ডিঙি চেপি ধৰে আৰু পিচত কাঠৰ টুকুৰাৰে মৰিয়াই মৰিয়াই পিতৃক হত্যা কৰে কিশোৰজনে । সম্প্ৰতি আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । নিশা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । লগতে হত্যাৰ অভিযুক্ত কিশোৰজনক আৰক্ষীয়ে আটক কৰে ।

লগতে পঢ়ক :নথি-পত্ৰই আছিল পুত্ৰ সন্তান, কিন্তু চিকিৎসালয় কৰ্তৃপক্ষই হস্তান্তৰ কৰিলে কন্যা সন্তান - Barpeta Civil Hospital

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.