চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ - Allegation Against Principal - ALLEGATION AGAINST PRINCIPAL
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03-08-2024/640-480-22120798-thumbnail-16x9-jom-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Aug 3, 2024, 10:33 PM IST
জোনাই, ৩ আগষ্ট: ধেমাজি জিলাৰ চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে মইমতালিৰে কাম কৰাৰ অভিযোগ উত্থাপিত হৈছে । জেনেৰেল কলেজ হিচাপে পৰিচিত চিলাপথাৰ মহাবিদ্যালয়ত ৪ বছৰ ৮ মাহ ধৰি অস্থায়ীভাৱে কাম কৰাৰ পিচতো অধ্যক্ষ ড৹ লক্ষ্মীনাথ পেগুৱে কোনো কাৰণ নদৰ্শোৱাকৈ নয়নমণি গগৈক হঠাতে কামৰ পৰা অব্যাহতি দিয়াৰ অভিযোগ উত্থাপিত হৈছে ।
উত্থাপিত অভিযোগ মতে, অস্থায়ী চাফাইকৰ্মী নয়নমণি গগৈক অৱগত নকৰাকৈয়ে আন এজনক অস্থায়ীভাৱে নিযুক্তি দিছে অধ্যক্ষ ড৹ লক্ষ্মীনাথ পেগুৱে । উপায়হীন অস্থায়ী কৰ্মচাৰীগৰাকীয়ে ন্যায় বিচাৰি চিলাপথাৰ আৰক্ষী থানাত অধ্যক্ষগৰাকীৰ বিৰুদ্ধে গোচৰ তৰিছে । ইপিনে, নয়নমণি গগৈয়ে এই সন্দৰ্ভত কয়," ২০১৯ চনৰ পৰা মই মহাবিদ্যালয়ত কাম কৰি আছিলো । কিন্তু কোনো কাৰণ নোহোৱাকৈ মোক কামৰ পৰা অব্য়াহতি দিয়ে । "