কলিয়াবৰত ত্ৰাসৰ সৃষ্টি কৰা ঢেকীয়াপতীয়া বাঘক পিঞ্জৰাবদ্ধ কৰাৰ আশ্বাস বন বিভাগৰ - Tiger terror in Kaliabor

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 2:23 PM IST

thumbnail
শীঘ্ৰে পিঞ্জৰাবদ্ধ কৰা হ’ব কলিয়াবৰত ত্ৰাসৰ সৃষ্টি কৰা ঢেকীয়াপতীয়া বাঘটোক : বন বিভাগ (ETV Bharat Assam)

কলিয়াবৰ, 11 আগষ্ট: কলিয়াবৰৰ সোণাৰী-কামাখ্যা গাঁৱত দিনে-নিশাই ত্ৰাস চলাই থকা ঢেকীয়াপতীয়া বাঘটোক শীঘ্ৰেই পিঞ্জৰাবদ্ধ কৰিব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে বন বিভাগে । বনৰজা আৰু বন্যহস্তীৰ আতংকৰ পৰা ৰাইজক সুৰক্ষা প্ৰদান কৰিবলৈ বন বিভাগৰ সৈতে শনিবাৰে নিশা গঞাৰ জৰুৰী সভাত এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰে বন বিষয়াই ।

কলিয়াবৰৰ সোণাৰী-কামাখ্যা গাঁৱত বিচৰণ কৰা বনৰজাক পিঞ্জৰাৱদ্ধ কৰিবলৈ স্থানীয় ৰাইজে দাবী জনোৱাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰে বন বিভাগে । ইতিমধ্যে অঞ্চলটোত বাঘে স্থানীয় লোকে পালন কৰি অহা পশুধনবোৰক চিকাৰৰ লক্ষ্য কৰি লৈছে বুলি আক্ষেপ প্ৰকাশ কৰে স্থানীয় লোকে ।

উল্লেখ কৰা প্ৰয়োজন যে, অঞ্চলটোৰ ৰাইজক তথা গাঁওবাসীক সুৰক্ষা প্ৰদান কৰিবলৈ কলিয়াবৰৰ সোণাৰী-কামাখ্যা গাঁৱত শনিবাৰৰ নিশা শালনাৰ বনাঞ্চলিক বিষয়াৰ উপস্থিতিত জৰুৰী সভা অনুষ্ঠিত হয় । ইয়াৰ পাচতে দেওবাৰৰ পুৱাৰে পৰা বন বিভাগে বাঘটোক বিচাৰি অভিযান তীব্ৰতৰ কৰি তুলিছে । বাঘটোৰ গতিবিধি আৰু আচৰণ বন বিভাগে লক্ষ্য কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি বন বিভাগে জনায় ৷

লগতে পঢ়ক: বাঘৰ আতংকই খেদিছে এটা অঞ্চলক : হাতীমূৰাত অৱস্থান তিনিটাকৈ বাঘৰ - Tiger Terror

সুন্দৰবনৰ জালৰ পাচত পিঞ্জৰা, এটা বাঘে খুৱাইছে জলা-কলা - Tiger Scare in Nagaon

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.