তিনিচুকীয়া জিলাৰ খহনীয়াগ্ৰস্ত এলেকা পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ - Assam flood 2024

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 7:34 PM IST

thumbnail
তিনিচুকীয়াৰ খহনীয়াগ্ৰস্ত এলেকা পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ (ETV Bharat Assam)

তিনিচুকীয়া, ১৩ জুন : বাৰিষাৰ আগমনৰ লগে লগে নৈপৰীয়া লোকসকলৰ নিদ্ৰা হৰণ হৈছে  ৷ কেতিয়াবা যদি বাৰিষাৰ পানীয়ে ঘৰ উটুৱাই নিছে, কেতিয়াবা আকৌ খহনীয়াৰ কবলত পৰিছে ঘৰ-বাৰী । তাৰ মাজতে বৃহস্পতিবাৰে তিনিচুকীয়াত উপস্থিত হয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা ৷  

মন্ত্ৰীগৰাকীয়ে প্ৰথমে তিনিচুকীয়াৰ গুঁইজান খামতী গোৱালি কালীবাৰীত ডিব্ৰু নদীৰ প্ৰবল খহনীয়া পৰিদৰ্শন কৰে । উক্ত স্থানত খহনীয়াত উছন হৈছে এটাৰ পাচত আন এটা ঘৰ । তেনে একাংশ বানপীড়িত আৰু খহনীয়াগ্ৰস্ত লোকৰ কাষত উপস্থিত হয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা ।  

খহনীয়াস্থলী পৰিদৰ্শন কৰি মন্ত্ৰী পীযুষ হাজৰীকাই ডিব্ৰু নদীৰ খহনীয়াগ্ৰস্ত এলেকাত তৎক্ষণাত জিঅ’ বেগ দিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে । লগতে বাৰিষা শেষ হ'লে স্থায়ী সমাধানৰ কাম আৰম্ভ হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷  

পৰৱৰ্তী সময়ত মন্ত্ৰী পীযুষ হাজৰীকাই তিনিচুকীয়াৰ ঢলাৰ হাতীঘুলিত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদর্শন কৰি পৰিস্থিতিৰ বুজ লয় । মন্ত্ৰী পীযুষ হাজৰিকাৰ স’তে তিনিচুকীয়াত উপস্থিত হয় চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা, প্ৰাক্তন বিধায়ক বিনোদ হাজৰিকা, ৰাজ্যিক বিজেপি যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক ত্ৰিদিৱ মৰাণৰ লগতে বিভাগীয় বিষয়া-কৰ্মচাৰীসকল ৷

লগতে পঢ়ক :নাৱেৰে নৈৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ - Pijush Hazarika Dibrugarh visit

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.