thumbnail

NEETত উজলিল ৰেজাউল কৰিম : ক'চিং কৰিছিল আজমল ছুপাৰ-40ত - NEET exam results 2024

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 10:33 PM IST

কলিয়াবৰ, 7 জুন: হোজাইৰ আজমল ফাউণ্ডেছনত ক’চিং লৈ উজলিল কলিয়াবৰ চাহ বাগিচাৰ ৰেজাউল কৰিম । কলিয়াবৰ চাহ বাগিচাত কৰ্মৰত পিতৃ নুৰুল আমিনৰ পুত্ৰই সৰুৰে পৰা দেখিছিল চিকিৎসক হোৱাৰ সপোন । শিলঘাটৰ লীলাকান্ত বৰা বিদ্যা নিকেতনত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল ৰেজাউল কৰিমে ৷

ইয়াৰ পিচতে কুঁৱৰীটোলৰ শিশু বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ডিষ্টিংচনসহ প্ৰথম বিভাগত উৰ্ত্তীণ হৈ আজমল ফাউণ্ডেচনত উচ্চতৰ মাধ্যমিক শাখাত শিক্ষা লাভ কৰিছিল । তাতেই ক'চিং কৰি ৰেজাউলে দ্বিতীয়বাৰৰ বাবে NEET পৰীক্ষাত অৱতীৰ্ণ হৈ ৬৪৫ নম্বৰ লাভ সফলতাৰ লাভ কৰে ।

ৰেজাউলক সম্বৰ্ধনা জনাবলৈ এতিয়া শুভাকাংক্ষী, আত্মীয়ই ভিৰ কৰা পৰিলক্ষিত হৈছে । এক উছাহৰ ধল বৈছে এতিয়া ঘৰখনত । উল্লেখ্য যে NEET-২০২৪ পৰীক্ষাত আজমল ছুপাৰ ৪০ত ক’চিং কৰা শিক্ষাৰ্থীয়ে যুগান্তকাৰী সফলতা লাভ কৰিবলৈ সক্ষম হয় ৷

 লগতে পঢ়ক: কিছুমান বিষয় ৰাজনীতিৰ উৰ্ধত: বহুতৰ বাবে আজি আজমল বিজয়ী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.