ৰে'লৰ ইঞ্জিনৰ খুন্দাত নিহত যুৱকৰ মৃতদেহ ভক্ষণ কৰিলে এন্দুৰে - Deadbody recover in Moran - DEADBODY RECOVER IN MORAN
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/20-08-2024/640-480-22254872-thumbnail-16x9-sepon-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Aug 20, 2024, 10:18 PM IST
মৰাণ,২০ আগষ্ট: ৰে'ল বিভাগৰ চৰম অৱহেলা আৰু দায়িত্বহীনতাৰ বাবে মৰাণৰ চেপনত সোমবাৰে নিশা সংঘটিত হয় শিহৰণকাৰী এক ঘটনা । ৰে'লৰ ইঞ্জিনৰ খুন্দাত নিহত অচিনাক্ত যুৱকৰ মৃতদেহ ভক্ষণ কৰে নিগনি-এন্দুৰে ৷ মানৱতা কি সেয়া যেন পাহৰি গ'ল ৰে'ল বিভাগে । ঘটনা অনুসৰি সোমবাৰে সন্ধিয়া মৰাণৰ চেপন ৰে'লৱে ক্ৰচিঙৰ সমীপত শিৱসাগৰ অভিমুখী এটা ৰে'ল ইঞ্জিনৰ খুন্দাত মৃত্যু হৈছিল এজন অচিনাক্ত যুৱকৰ । ৰে'লৱেৰ বৈদ্যুতিকৰণৰ সৈতে জড়িত ইঞ্জিনটোৱে চেপন ক্ৰচিঙৰ সমীপতে মহটিয়াই নিছিল যুৱকজনক ৷
কিন্তু ৰে'ল বিভাগ অথবা ৰে'ল আৰক্ষীৰ চুড়ান্ত অৱহেলা আৰু দায়িত্বহীনতাৰ বাবে ৰে'লপথৰ কাষত মাজনিশা পৰ্যন্ত পৰি ৰয় মৃতদেহ । উক্ত মৃতদেহ নিগনি-এন্দুৰে ভক্ষণ কৰি থকা দৃশ্যই হতবাক কৰি তুলিছে সকলোকে ৷ ৰে'ল আৰক্ষী আৰু স্থানীয় চেপন আৰক্ষী বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাত এনেদৰে নিগনি-এন্দুৰৰ খাদ্য হ'ল মৃতদেহটো । পিছত নিশাই মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৰে'ল আৰক্ষীয়ে । মৃত ব্যক্তিজনৰ পৰিচয় মঙলবাৰলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল আৰক্ষী । এই ঘটনা পোহৰলৈ অহাত সচেতন ৰাইজৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।