ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা: নগাঁৱত বৃন্দাবনৰ দলৰ দ্বাৰা ৰামলীলা - Ram Mandir

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 11:40 PM IST

নগাঁও, 19 জানুৱাৰী:  22 জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব ৰামলালাৰ । ইয়াকে লৈ সমগ্ৰ দেশৰ লগতে নগাঁৱতো উখল-মাখল পৰিৱেশ দেখা গৈছে ।

নগাঁৱত ৰামসেনাৰ নেতৃত্বত শুকুৰবাৰে উলিওৱা হয় এক সমদল । সমদলটোত অংশগ্ৰহণ কৰে তিনি শতাধিক লোকে । ৰামসেনা, নগাঁৱৰ উদ্যোগত বৃন্দাবনৰ পৰা নিমন্ত্ৰণ কৰি অনা এটা দলে ৫ দিনীয়াকৈ প্ৰদৰ্শন কৰিব ৰামলীলা । উক্ত কাৰ্যসূচীৰ আজি দ্বিতীয়টো দিন ৷ দ্বিতীয়টো দিনত প্ৰদৰ্শন কৰা হয় ৰাম বিবাহ।

আনহাতে 22 জানুৱাৰীত দিনৰ 10 বজাৰ পৰা ৰামসেনাৰ নেতৃত্বত নগাঁৱত হনিমান চালিচা পাঠ কৰা হ’ব বুলিও জানিবলৈ দিছে আয়োজকসকলে ৷ ইয়াৰোপৰি ৰাম মন্দিৰত ৰামৰ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠাৰ সমগ্ৰ কাৰ্যসূচী পোনপটীকৈ উপস্থিত জনতাক দেখুওৱা হ’ব বুলি আয়োজকসকলে জানিবলৈ দিছে ৷

লগতে পঢ়ক: ৩০০ ফুট দীঘল, ১৮ ফুট বহল; পুষ্কৰ ঘাটত ৰাজস্থানী শিল্পীৰ বিশালকায় ৰাম ধনু অংকন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.