কলিয়াবৰত প্ৰায় 14 কেজি ওজনৰ অজগৰ উদ্ধাৰ - Python Rescued in Kaliabor

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 7:07 PM IST

thumbnail
কলিয়াবৰত প্ৰায় 14 কেজি ওজনৰ অজগৰ উদ্ধাৰ (ETV Bharat Assam)

কলিয়াবৰ, 14 জুলাই: বাঘৰ পিচত এইবাৰ কলিয়াবৰত ওলাল অজগৰ । কলিয়াবৰৰ হাতীগাঁওস্থিত কেন্দ্ৰীয় হাঁহ প্ৰজনন কেন্দ্ৰত দেওবাৰৰ পুৱাই উদ্ধাৰ হয় এটা অজগৰ । হাঁহ প্ৰজনন কেন্দ্ৰটোৰ হাঁহ পালন কৰা ঘৰত হাঁহ ভক্ষণ কৰি থকা অৱস্থাত কৰ্মচাৰীয়ে প্ৰত্যক্ষ কৰি কৌশলেৰে পিঞ্জৰাবদ্ধ কৰে অজগৰডাল । 

পিঞ্জৰাবদ্ধ কৰাৰ পূৰ্বে কেন্দ্ৰটোত থকা কেবাটাও হাঁহ অজগৰডালে ভক্ষণ কৰে বুলি জানিব পৰা গৈছে । পৰৱৰ্তী পৰ্যায়ত জখলাবন্ধা বন বিভাগে অজগৰডাল উদ্ধাৰ কৰি মুকলি কৰি দিয়াৰ উদ্দেশ্য জংঘললৈ লৈ যায় । প্ৰায় 10 ফুট দীঘল অজগৰডালৰ ওজন প্ৰায় 14 কেজি হ'ব বুলি অনুমান কৰা হৈছে । 

কলিয়াবৰত কলঙৰ জলস্তৰ বৃদ্ধি হোৱাৰ পাছতে অজগৰটো খাদ্যৰ সন্ধানত হাঁহ প্ৰজনন কেন্দ্ৰলৈ অহা বুলি সন্দেহ কৰা হৈছে ।

লগতে পঢ়ক: প্ৰকাণ্ড অজগৰৰ লগতে চল্লিশৰো অধিক কণী উদ্ধাৰ - Python Rescued

সাপৰ ত্ৰাস: বন্ধ হৈ পৰিল বিদ্যালয়ত পাঠদান - Snake Rescue in School

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.