ডাম্পাৰৰ দৌৰাত্মৰ বিৰুদ্ধে কলাইগাঁৱত ৰাইজৰ প্ৰতিবাদ - Public Protest

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 10:43 PM IST

thumbnail
ডাম্পাৰৰ দৌৰাত্মৰ বিৰুদ্ধে কলাইগাঁৱত ৰাইজৰ প্ৰতিবাদ (ETV Bharat)

ওদালগুৰি,১৬ আগষ্ট : ৰাজ্যৰ বিভিন্ন প্ৰান্তত ডাম্পাৰৰ দৌৰাত্ম অব্যাহত আছে । ইতিমধ্যে তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত বহুলোকে প্ৰাণ হেৰুৱাইছে । এনে পৰিস্থিতিত ওদালগুৰিত ডাম্পাৰৰ চালক আৰু মালিকসকলৰ বিৰুদ্ধে প্ৰতিবাদত নামিল সাধাৰণ ৰাইজ । কলাইগাঁৱৰ ৰাজপথত শিক্ষাৰ্থীসহ শতাধিক লোকে শুকুৰবাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ৰাইজে অভিযোগ কৰা মতে দীৰ্ঘদিন ধৰি অঞ্চলটোত ডাম্পাৰৰ দৌৰাত্ম অব্যাহত আছে ।

কিছুদিন পূৰ্বে কলাইগাঁৱৰ ভেহগুৰিত ডাম্পাৰৰ খুন্দাত এগৰাকী যুৱকে প্ৰাণ হেৰুৱাইছিল । ৰাইজে প্ৰশাসনক এই সন্দৰ্ভত বহুবাৰ অভিযোগ কৰিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । যাৰ বাবে লোকসকল অতিষ্ঠ হৈ পৰিছে । সেয়েহে কলাইগাঁৱৰ ৰামজানকি মন্দিৰৰ সন্মুখত মঙলদৈ-ভুটিয়াচাং পথ অৱৰোধ কৰে শতাধিক লোকে । প্ৰতিবাদৰ জৰিয়তে ডাম্পাৰৰ দৌৰাত্ম বন্ধ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে ৰাইজে প্ৰশাসনক দাবী জনায় ।

লগতে পঢ়ক :কাছাৰত লাভ জেহাদৰ অভিযোগত যুৱকক প্ৰহাৰ কৰি বান্ধিলে খুটাত - Moral Policing Incident

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.