ক্ষতিপূৰণৰ দাবীত তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও ক্ষুব্ধ ৰাইজৰ - public gherao tinsukia dc office
🎬 Watch Now: Feature Video
Published : Mar 20, 2024, 3:58 PM IST
তিনিচুকীয়া, 20 মাৰ্চ: অসম মালা পথ নিৰ্মাণত ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণৰ দাবীত মঙলবাৰে তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰে ভুক্তভোগী ৰাইজে ৷ পথ নিৰ্মাণৰ কাম চলি আছে যদিও কেইবাশতাধিক পৰিয়ালে ক্ষতিপূৰণ নোপোৱাত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ধন মোকলাই নিদিয়া বাবে ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধকে ধৰি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে যদিও আজিপৰ্য্যন্ত লাভ কৰা নাই প্ৰাপ্য ।
ডিৰাক সোনজানৰ পৰা ৰহবাৰী-চিকৰাজানলৈকে প্ৰায় ২৮ কিলোমিটাৰ দৈৰ্ঘ্য়ৰ পথছোৱা নিৰ্মাণৰ বাবে অসম চৰকাৰে ধাৰ্য কৰিছিল ২৬৯,২৯ কোটি টকা ৷ ক্ষতিগ্ৰস্তক ক্ষতিপূৰণৰ লগতে থলগিৰী লোকক কৰ্মত প্ৰাধান্য দিয়া, থলুৱা শ্ৰমিকক সময়ত উচিত মাননি প্ৰদানৰ দাবীৰে ভুক্তভোগী ৰাইজে বিভিন্ন দল-সংগঠনে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ উক্ত জিলা আয়ুক্ত ঘেৰাও কাৰ্যসূচীত উপস্থিত হৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি উমানন্দ মুদৈ মৰাণে ৷
লগতে পঢ়ক:কা বিৰোধীৰ প্ৰতিবাদত উত্তাল ৰাজ্য