কৰ্কট ৰোগৰ অত্যাধুনিক চিকিৎসা প্ৰ'টন বীম থেৰাপি প্ৰচলনৰ চিন্তা-চৰ্চা ৰাজ্য চৰকাৰৰ - Assam Cancer Treatment
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02-03-2024/640-480-20889294-thumbnail-16x9-cm.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Mar 2, 2024, 8:50 PM IST
গুৱাহাটী, 2 মাৰ্চ : কৰ্কট ৰোগৰ অত্যাধুনিক চিকিৎসা পদ্ধতি প্ৰ'টন বীম থেৰাপি প্ৰচলনৰ বাবে চিন্তা-চৰ্চা কৰিছে ৰাজ্য চৰকাৰে ৷ নিৰ্বাচনৰ পিচতে ৰাজ্য চৰকাৰে এই বিষয়ত কাম-কাজ আৰম্ভ কৰিব ৷ শনিবাৰে বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানত পেট চিটি ব্যৱস্থা উদ্বোধন কৰি প্ৰ'টন বীম থেৰাপিৰ বিষয়ে চিন্তা-চৰ্চা কৰা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
তেওঁ কয় যে, কেন্সাৰ কেয়াৰৰ ক্ষেত্ৰত ৰাজ্যত পৰৱৰ্তী লক্ষ্য হ'ল প্ৰ'টন বীম থেৰাপি ৷ প্ৰ'টন বীম থেৰাপি অসমলৈ আনিব পাৰিলে বহু ৰোগীক জীৱন দান কৰিব পৰা যাব ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, অহা 3-4 বছৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত 250 কোটি টকা বিনিয়োগ কৰা হ'ব ৷ ইয়াৰ দ্বাৰা শিশু সকলৰ কৰ্কট ৰোগৰ প্ৰতিৰোধৰ ক্ষেত্ৰত বহু কাম কৰিব পৰা যাব বুলি মন্তব্য কৰে তেওঁ ৷ লগতে তেওঁ শীঘ্ৰেই বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ 4 টাকৈ লেনিয়াৰ এক্সেলেটৰ অনা হ’ব বুলিও সদৰী কৰে ৷
উল্লেখ্য যে শনিবাৰে বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানত PET-CT সেৱা মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ 13.15 কোটি টকা ব্যয় সাপেক্ষে প্ৰতিষ্ঠা কৰা এই PET-CT সেৱাৰ জৰিয়তে প্ৰতি বছৰে 1500-2000 ৰোগীয়ে উপকৃত হ’ব ৷ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাকে ধৰি কেইবাগৰাকী বিশিষ্ট লোক ৷
লগতে পঢ়ক : ৯৩৬ জন প্ৰাক্তন আলফা সদস্যক আৰ্থিক সাহায্য বিতৰণ মুখ্যমন্ত্ৰীৰ