আজি গোপাল গৰখীয়া মাৰলি থানৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ - প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱৰ প্ৰস্তুতি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-01-2024/640-480-20595264-thumbnail-16x9-rangia-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 26, 2024, 7:17 AM IST
ৰঙিয়া, ২৬ জানুৱাৰী : আজি অৰ্থাৎ ২৬ জানুৱাৰী তাৰিখে ৰঙিয়া তুলসীবাৰীৰ ঐতিহ্যমণ্ডিত গোপাল গৰখীয়া মাৰলি থানৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ ৷ এই মহোৎসৱ উপলক্ষে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে গৰখীয়া থানত । এই উৎসৱটি সাফল্যমন্দিত কৰিবলৈ দিনে নিশাই পূৰ্ণ প্ৰস্তুতি চলি থকা হৈছে ।
লক্ষাধিক ভক্তক আদৰিবলৈ সাজু হৈ উঠিছে আয়োজক সমিতিও । আজি থানত উপস্থিত হোৱা প্ৰতিগৰাকী ভক্তক অপ্যায়ন কৰিব আয়োজক সমিতিয়ে । ইতিমধ্যে ৰাজহুৱা ভোগ বিতৰণ কৰিবলৈ ১০০ টাকৈ চৌকা আৰু ৩০০ গৰাকী ৰন্ধন কৰ্মী সাজু হৈছে ।
এই থানৰ বিশেষত্ব এই যে কোনো লোকে পবিত্ৰ অন্তৰেৰে চাকি বন্তি জ্বলাই ভোগ প্ৰদান কৰি মানস কৰিলে কামনা কৰা ফল লাভ হয় বুলি লোকবিশ্বাস আছে । উল্লেখ্য যে, এই উৎসৱটি পৰিচালনা কৰোতে যি ধনৰ খৰচ হয় সেয়া ভক্তপ্ৰাণ ৰাইজে স্বেচ্ছাই আগবঢ়োৱা দান বৰঙণিৰ পৰা সংগ্ৰহ হয় ।
লগতে পঢ়ক: তিনি মিচিং জাতীয় সংগঠনৰ নতুন সমিতি গঠন