সৰস্বতী পূজা: উখল-মাখল গুৱাহাটীৰ শিক্ষানুষ্ঠান - কাইলৈ সৰস্বতী পূজা
🎬 Watch Now: Feature Video
Published : Feb 13, 2024, 4:08 PM IST
গুৱাহাটী, ১৩ ফেব্ৰুবাৰী : বুধবাৰে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতীৰ পূজা । কাইলৈ পুৱাই সকলো শিক্ষানুষ্ঠানতে ধূপ-দীপ-নৈবদ্যৰে আৰাধনা কৰা হ’ব বাগদেৱীক ৷ একপ্ৰকাৰে বাগদেৱীৰ বন্দনাৰে মুখৰিত হ'ব সমগ্ৰ ৰাজ্য ।
সৰস্বতী পূজা উপলক্ষে ইতিমধ্যে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি চলিছে । মহানগৰীৰ শিক্ষানুষ্ঠানৰ লগতে বিভিন্ন প্ৰতিষ্ঠানতো সৰস্বতী পূজাক লৈ ব্যস্ততা বাঢ়িছে । সজাই পৰাই তোলা হৈছে শিক্ষানুষ্ঠান, প্ৰতিষ্ঠান, হোষ্টেলসমূহ । মহানগৰীৰ কটন বিশ্ববিদ্যালয়, সন্দিকৈ মহাবিদ্যালয়, বি বৰুৱা মহাবিদ্যালয়, প্ৰাগজ্যোতিষ মহাবিদ্যলয়কে ধৰি বিদ্যালয়-মহাবিদ্যালয়, হোষ্টেলসমূহত মা সৰস্বতীৰ পূজা অৰ্চনা কৰাৰ বাবে প্ৰস্তুতি তুংগত উঠিছে ।
পূজাৰ সামগ্ৰী ক্ৰয়ৰ বাবে বজাৰতো ভিৰ পৰিলক্ষিত হৈছে । ইপিনে সৰস্বতী দেৱীৰ প্ৰতিমাৰে ভৰিছে বজাৰ । মৃৎশিল্পীসকলে জনোৱা মতে পূৰ্বতকৈ এইবাৰ মূৰ্তিৰ দাম বৃদ্ধি হৈছে । পূৰ্বতে আঢ়ৈ ফুটৰ মূৰ্তি এটাত যদি ১৫০০ টকা আছিল এতিয়া সেই মূৰ্তিটোৰ দাম ২২০০ টকালৈ বৃদ্ধি পাইছে । কাৰণ মূৰ্তি বনোৱা সামগ্ৰীসমূহৰ দাম বৃদ্ধি হোৱাৰ বাবে মূৰ্তিৰ দাম বাঢ়িছে ।
লগতে পঢ়ক :কাজিনেমুক অসমৰ জাতীয় ফল ঘোষণা অসম চৰকাৰৰ