টীয়কৰ হাঁহচৰা চূড়ামণি গাঁৱৰ মূল পথৰ দুৰৱস্থাই দুৰ্ভোগ ভোগাইছে পথচাৰীক - poor road condition in teok

By ETV Bharat Assamese Team

Published : May 28, 2024, 11:01 PM IST

thumbnail
টীয়কৰ এই পথটোৰ বাবে দুৰ্ভোগ ভুগিছে ৰাইজে (ETV Bharat Assam)

টীয়ক, ২৮ মে' : যিসময়ত দেশত বিকাশৰ গংগা বৈছে বুলি ৰজাঘৰীয়াই শ্লোগান দিছে, সেই সময়ত প্ৰকৃততে বিকাশ কেনেদৰে আহিছে তাৰ এখন ছবি প্ৰতিফলিত হৈছে টীয়কত । টীয়ক সমষ্টিৰ জাঁজী হাঁহচৰা চূড়ামণি গাৱঁৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী মূল পথটোৰ দুৰৱস্থাই উদঙাইছে বিকাশৰ প্ৰকৃত ছবি ৷ 

এই বৃহত্তৰ অঞ্চলটোৰ বহিঃজগতৰ লগত যোগাযোগৰ একমাত্ৰ সম্বল হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চূড়ামণি গাওঁ হৈ ললিত চন্দ্ৰ ৰাজখোৱা পথৰ লগত সংযোগী এই পথটো । কিন্তু এই পথটোৰ বাবে বছৰ বছৰ ধৰি জীয়াতু ভুগি আহিছে এইসকল গাওঁবাসীয়ে । নিৰ্বাচন আহিছে, নিৰ্বাচন গৈছে; প্ৰতিটো নিৰ্বাচনতেই একে প্ৰতিশ্ৰুতি- পথটো হ’ব ৷ কিন্তু কোনো এখন চৰকাৰৰ দিনতেই পথছোৱাৰ উন্নতিৰ নামত একো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷

বিধায়ক-সাংসদক অনুৰোধ কৰি কৰি ভাগৰি পৰিছে এইসকল ৰাইজ । কিন্তু আজিকোপতি নহ'ল ইয়াৰ একো সু-ব্যৱস্থা । সেয়ে কিনকিনিয়া বৰষুণকো নেওচি অঞ্চলটোৰ ৰাইজ ৰাজপথলৈ ওলাই আহি পথটোৰে অনতি পলমে যাতায়াত সুচল কৰি দিবলৈ ঊৰ্ধ্বতন কৰ্তৃপক্ষক আহ্বান জনাইছে ।

লগতে পঢ়ক :নিয়মীয়া পাঠ্যপুথি যোগানৰ দাবীত আছুৰ গৰ্জন - AASU Protest

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.