হাফলঙত শান্তিপূৰ্ণভাৱে সমাপ্ত হ’ল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ - Lok Sabha election 2024 - LOK SABHA ELECTION 2024
🎬 Watch Now: Feature Video
Published : Apr 26, 2024, 10:22 PM IST
হাফলং, 26 এপ্ৰিল : কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত হাফলং বিধানসভা সমষ্টিত শান্তিপূৰ্ণভাবে সম্পন্ন হয় ভোটগ্ৰহণ ৷ শুকুৰবাৰে পুৱা 7 বজাত ভোটগ্ৰহণ আৰম্ভ হৈ বিয়লি 5 বজাত অন্ত পৰে ৷ ইফালে পুৱাৰ ভাগত অহা এজাক বৰষুণৰ বাবে ভোটাৰ ৰাইজ কিছু সমস্যাৰ সন্মুখীন হয় ৷ অৱশ্যে বতৰ ভাল হোৱাৰ পিচতে ডিমা হাছাও জিলাৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত ভোটদাতাৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয় ৷
ডিফু লোকসভা সমষ্টিৰ হাফলং বিধানসভা সমষ্টিত বিয়লি 5 বজালৈ 77.71 শতাংশ ভোটগ্ৰহণ হয় ৷ ই ভি এমত বন্দী হ’ল সমষ্টিটোৰ 5 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ ভোটগ্ৰহণৰ হাৰ আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ ইফালে বিয়লি 5 বজাত ভোটগ্ৰহণ অন্ত পৰাৰ পিচতে হাফলং চহৰৰ চুবুৰীয়া অঞ্চলৰ ভোটগ্ৰহণকাৰী বিষয়াসকল ই ভি এম লৈ জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হয় ৷ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ষ্ট্ৰং ৰূমত কটকটীয়া নিৰাপত্তা ব্যৱস্থাত ই ভি এমসমূহ ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷ আনহাতে ডিমা হাছাও জিলাৰ ভিতৰুৱা অঞ্চলৰ ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰীসকল আজি ৰাতিৰ ভিতৰতে হাফলঙত উপস্থিত হ’ব ৷
লগতে পঢ়ক : ভোটকেন্দ্ৰ স্থানান্তৰ কৰাৰ প্ৰতিবাদত শিলচৰৰ ভোটকেন্দ্ৰত নপৰিল এটাও ভোট - LOK SABHA ELECTION 2024