এইবাৰ ৰাজনীতিমুক্ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব: ৰণজিৎ কুমাৰ দাস - Assam Panchayat polls

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 5:49 PM IST

thumbnail
ডিচেম্বৰৰ মাহত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন (ETV Bharat Assam)

শিলচৰ,২১ আগষ্ট: "আগন্তুক ডিচেম্বৰৰ মাহত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন । এইবাৰৰ পঞ্চায়ত নিৰ্বাচন হ'ব ৰাজনীতিমুক্ত । নাথাকিব কোনো দলীয় চিহ্ন । ৰাইজে নহয়, এইবাৰ পঞ্চায়ত সভাপতি নিৰ্বাচিত কৰিব পঞ্চায়তৰ গ্ৰুপ সদস্যসকলে ।"- পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত বুধবাৰে শিলচৰত এই মন্তব্য কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । শিলচৰ জিলা বিজেপি কাৰ্যালয়ত বুধবাৰে এক সংবাদমেল সম্বোধন কৰি তেওঁ কয়, "৩১ আগষ্টৰ ভিতৰত পঞ্চায়ত আৰু ৭ চেপ্টেম্বৰৰ ভিতৰত ব্লক ৰি-অর্গেনাইজেশ্যন কৰা হ'ব । ২০০১ চনৰ জৰীপ অনুযায়ী এই ৰি-অর্গেনাইজেশ্যন কৰা হ'ব । এই প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছত ডিচেম্বৰ মাহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ।"

লগতে তেওঁ কয়,"পঞ্চায়ত নিৰ্বাচনত ৰাজনীতি চলিলে বহু অঞ্চলৰ লোক বিভিন্ন সা-সুবিধা লাভৰ পৰা বঞ্চিত হয় । ৰাইজে নিৰ্বাচিত কৰি দিয়া পঞ্চায়ত সভাপতিৰ লগত ৱাৰ্ড মেম্বাৰৰ মন নিমিলিলে অনাস্থা আনে । অনাস্থা অনাৰ পিছত পঞ্চায়ত সভাপতিগৰাকীৰ এনে অৱস্থা হয় যে তেওঁ মানুহ এঘৰত বিয়াও খাবলৈ যাব নোৱাৰে । গতিকে এইবাৰ ৰাজনীতিমুক্ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু পঞ্চায়তৰ গ্ৰুপ সদস্যসকলে পঞ্চায়ত সভাপতি নিৰ্বাচিত কৰিব ।"

লগতে পঢ়ক: ৭ ছেপ্টেম্বৰৰ ভিতৰত পঞ্চায়ত পুনৰ গঠন হ'ব : ৰণজিৎ কুমাৰ দাস - Minister Ranjit Kumar Das

ডিচেম্বৰৰ ভিতৰতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন : ৰণজিৎ কুমাৰ দাস - Assam Panchayat polls

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.