thumbnail

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 10:39 AM IST

ETV Bharat / Videos

লখিমপুৰত জাল নোটসহ এজন কৰায়ত্ত

লখিমপুৰ, 24 ফেব্ৰুৱাৰী : শুকুৰবাৰে লখিমপুৰৰ নাওবৈচাৰ ম’হঘুলিত ৫১ লাখ টকাৰ জাল নোট জব্দ । একাংশ লোকে খেদি খেদি ধৰিলে জালনোট সৰবৰাহকাৰীক । এখন বাহনেৰে বঙালমৰা দিশৰ পৰা নাওবৈচাৰ দিশলৈ সৰবৰাহকাৰীয়ে লৈ গৈ আছিল জালনোটখিনি ।

একাংশ লোকে এই খবৰ লাভ কৰি ম’হঘুলিত খেদি খেদি ধৰিবলৈ সক্ষম হয় সৰবৰাহকাৰীক । সৰবৰাহকাৰীৰ লগত থকা বেগৰ পৰা উদ্ধাৰ কৰা হয় বৃহৎ পৰিমাণৰ জালনোট । জব্দ কৰা জালনোটৰ পৰিমাণ ৫১ লাখ বুলি জানিব পৰা গৈছে । ধৃত যুৱকজন ম’হঘুলিৰ হানিফ আলি বুলি জানিব পৰা গৈছে । জালনোটখিনি লখিমপুৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল বুলি সন্দেহ কৰা হৈছে ।

ঘটনাস্থলীত উপস্থিত হৈ নাওবৈচা আৰক্ষীয়ে জালনোটখিনি জব্দ কৰাৰ লগতে জালনোট সৰবৰাহকাৰী হানিফ আলীক নিজৰ জিম্মাত লৈছে । জিলাখনত অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে ইমান কঠোৰ অভিযান চলাই থকাৰ পাচতো সঘনাই চলি থকা এনে ঘটনাই সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে ।

লগতে পঢ়ক : গৌৰীপুৰত জাল নোটসহ চাৰি সৰবৰাহকাৰী গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.