হয়গ্ৰীৱ মাধৱ মন্দিৰত হঠাতে এই ভিৰ কিয় ? - HAYAGRIVA MADHAVA TEMPLE
🎬 Watch Now: Feature Video
Published : Oct 29, 2024, 10:23 PM IST
বাইহাটা চাৰিআলি: দীপাৱলীক লৈ ৰাজ্যত দেখা গৈছে ব্যাপক উৎসাহ-উদ্দীপনা । ইতিমধ্যে ৰং-বিৰঙী আলোক, ফটকা, ফুলজাৰিৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ । কিন্তু ইয়াৰ সমান্তৰালকৈ ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি হৈ আহিছে সামগ্ৰীৰ দাম । সাধাৰণ জনতাক মূল্যবৃদ্ধিয়ে মাধমাৰ শোধোৱাৰ সময়তে তীৰ্থনগৰী হাজোৰ শ্ৰীশ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰ সমিতিয়ে জনতাক দিলে সাময়িক সকাহ । এই উৎসৱৰ বতৰ দীপাৱলীৰ সময়ছোৱাত তীৰ্থনগৰী হাজোত দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী দৃশ্য ।
হাজোৰ ৰাইজলৈ দীপাৱলী উপলক্ষে আগবঢ়োৱা হৈছে সুলভ মূল্যত মিঠাতেল । শ্ৰীশ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বছৰেকত ৰাহি হোৱা মিঠাতেল দীপাৱলীৰ বন্তি জ্বলাবলৈ মন্দিৰ পৰিচালনা সমিতিয়ে হাজোৰ ৰাইজৰ বাবে আগবঢ়াইছে মাত্ৰ ৭৫ টকা মূল্যত । এইবেলি কেইবাহাজাৰ লিটাৰ মিঠাতেল উলিয়াই দিয়া হৈছে গ্ৰাহকৰ মাজলৈ । ইয়াকে লৈ মাধৱ মন্দিৰ চৌহদত পুৱাৰে পৰা দেখা গ'ল গ্ৰাহকৰ দীঘলীয়া শাৰী ।
বজাৰৰ পৰা এশ টকাতকৈও অধিক মূল্যত মিঠাতেল ক্ৰয় কৰাৰ বিপৰীতে হাজোৰ ৰাইজলৈ ৰেহাই মূল্যত মিঠাতেল প্ৰদান কৰাত ৰাইজ আৰ্থিকভাৱে লাভান্বিত হ'ব বুলি মন্তব্য কৰে মন্দিৰ পৰিচালনা সমিতিয়ে ।