thumbnail

পত্নীৰ সন্মুখতেই দলঙৰ পৰা জঁপিয়ালে স্বামীয়ে

By ETV Bharat Assamese Team

Published : Oct 14, 2024, 6:51 PM IST

গোলাঘাট, ১৪ অক্টোবৰ: গোলাঘাট জিলাৰ নুমলীগড়ৰ ধনশিৰি নদীৰ ওপৰৰ বিপ্লৱীবীৰ শঙ্কৰ বৰুৱা সেতুৰ পৰা আজি এজন লোকে জঁপিওৱাৰ পিছতেই সন্ধানহীন হৈ পৰে । শিৱা মুড়া নামৰ লোকজনে পানীত জাপ দিয়াৰ সময়ত লগত পত্নী সন্ধ্যা মুড়াও আছিল । মহিলাগৰাকীয়ে স্বামীক উদ্ধাৰ কৰিবলৈ লগে লগে পানীত জাপ দিয়ে ।  

পত্নীয়ে শিৱাক বচাবলৈ পানীত জাঁপ দিয়ে যদিও স্বামীক উদ্ধাৰ কৰিবলৈ  সক্ষম নহ'ল । লোকজনৰ ঘৰ বোকাখাত লখৌজান চাহ বাগিচাত । এই ঘটনাৰ বিষয়ে জানিব পাৰি গোলাঘাটৰ এছ ডি আৰ এফ আৰু এন ডি আৰ এফ ঘটনাস্থলীত উপস্থিত হৈ নদীৰ বুকুত অনুসন্ধান আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।  

উক্ত ঘটনা সন্দৰ্ভত পত্নী সন্ধ্যা মুড়াই উল্লেখ কৰা মতে, স্বামী শিৱা মুড়াই নুমলীগড় ফেৰীঘাটলৈ বুলি লৈ আহে । বাটত পত্নীক মাৰপিট কৰি পাছত দলঙৰ ওপৰৰ পৰা জপিয়ায় । উক্ত ঘটনা সংঘটিত হোৱাৰ পাছত স্বামীক উদ্ধাৰ কৰিবলৈ পত্নী সন্ধ্যা মুড়াই নদীত জাপ দি হাতত ধৰিবলৈ সক্ষম হৈছিল যদিও স্বামীয়ে তেওঁৰ হাত এৰি দিয়ে । 

লগতে পঢ়ক:কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈ ৰহস্যজনকভাৱে সন্ধানহীন টিংখাঙৰ যুৱক - ASSAM YOUTH MISSING IN ODISHA

হঠাৎ নোহোৱা হ’ল লোকেশ্বৰ ছাৰ; দিচাং নৈৰ কাষত উদ্ধাৰ স্কুটী আৰু চেণ্ডেল - Teacher Missing

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.