অনুজ বৰকটকীয়ে বিজেপিত যোগদানৰ পিচত উৎপল গগৈক চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব - Charaideo District Congress - CHARAIDEO DISTRICT CONGRESS
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/31-03-2024/640-480-21112767-thumbnail-16x9-kx.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Mar 31, 2024, 3:36 PM IST
ডিব্ৰুগড়ৰ, 31 মাৰ্চ: লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এজনৰ পাছত আন এজন কংগ্ৰেছ নেতাই দল এৰিছে। যি সময়ত সমগ্ৰ দেশতে বিজেপি আগ্ৰাসী ৰূপত আগবাঢ়িছে তেনে সময়ত জ্যেষ্ঠ নেতাৰ দল ত্যাগে কংগ্ৰেছ দলটো বিপৰ্যস্ত কৰি তুলিছে।
কালিৰ দিনটোত চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰয়াত প্ৰাক্তন কংগ্ৰেছী নেতা শৰৎ বৰকটকীৰ পুত্ৰ অনুজ বৰকটকীয়ে সকলোকে আচৰিত কৰি বিজেপিত যোগদান কৰে । অনুজ বৰকটকীয়ে বিজেপিত যোগদান কৰা পাছতেই তাৎক্ষণিকভাৱে দলটোৱে জিলাখনৰ প্ৰাক্তন প্ৰশাসনিক সাধাৰণ সম্পাদক তথা বৰ্তমান প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক উৎপল গগৈক জিলা সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে।
সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি নৱ-নিযুক্ত সভাপতি উৎপল গগৈয়ে কয় যে কংগ্ৰেছ এক বিশাল সাগৰৰ দৰে, ইয়াৰ পৰা কোনো এজন আঁতৰি গ’লেই দলৰ কোনো ক্ষতি নহয়। অনুজ বৰকটকীৰ বিজেপিত যোগদানেও দলৰ কোনো ক্ষতি নকৰে। আগন্তুক লোকসভা নিৰ্বাচনত সোণাৰি সমষ্টিত কংগ্ৰেছে অধিক সংখ্যক ভোট লাভ কৰিব বুলি চৰাইদেউ জিলাৰ নৱনিযুক্ত সভাপতিগৰাকীয়ে দাবী কৰে।
লগতে পঢ়ক: তিনি গগৈকো ধৰিব নোৱাৰি, কাক কোনে লেং মাৰে: মুখ্যমন্ত্ৰী