প্ৰসংগ: সাংবাদিক অপদস্থ : আৰক্ষী অধীক্ষকৰ আলোচনাত আশ্বস্ত সাংবাদিক - Nagaon Police attacks Journalist

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 8:27 PM IST

Updated : Apr 4, 2024, 9:49 PM IST

thumbnail

নগাঁও, 4 এপ্ৰিল: বৃহস্পতিবাৰে নগাঁৱত মনোনয়ন দাখিলৰ সময়ত এগৰাকী আৰক্ষী বিষয়াৰ দ্বাৰা সাংবাদিক অপদস্থ হোৱা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ । নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত মৃদুল বৰা নামৰ এগৰাকী আৰক্ষী কনিষ্টবলৰ লগতে নগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াৰ বিৰুদ্ধে উত্থাপিত হয় সাংবাদিকক অপদস্থ কৰাৰ অভিযোগ ।

কেৱল অপদস্থই নহয়, নগাঁৱৰ কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিক তপন কুমাৰ বৰা, নিৰঞ্জন শইকীয়া আৰু হেমন্ত দাস আঘাতপ্ৰাপ্ত হয় আৰক্ষীয়ে কৰা ঠেলা-হেঁচাত । হৰেশ্বৰ বৰা নামৰ আন এগৰাকী সাংবাদিককো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰক্ষী বিষয়া পাৰ্থ প্ৰতীম শইকীয়াৰ বিৰুদ্ধে । যাক লৈ জাঙুৰ খাই উঠে নগাঁৱৰ সংবাদমহল ।

অৱশেষত প্ৰতিবাদমুখৰ হৈ পৰা সাংবাদিকসকলৰ সৈতে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখতেই উপস্থিত হৈ আলোচনাত মিলিত হয় আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা । আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই সাংবাদিকৰ পৰা সমগ্ৰ ঘটনাৰ বুজ লৈ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়াত আশ্বস্ত হয় নগাঁৱৰ সাংবাদিকসকল ।

তদুপৰি আৰক্ষী অধীক্ষকৰ ওচৰত নগাঁৱৰ সাংবাদিকসকলে অভিযুক্ত দুই আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত লিখিত অভিযোগ দাখিল কৰে ।

লগতে পঢ়ক: নগাঁৱত আৰক্ষীৰ বিৰুদ্ধে সাংবাদিকক অপদস্থ কৰাৰ অভিযোগ

Last Updated : Apr 4, 2024, 9:49 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.