thumbnail

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 12:18 PM IST

ETV Bharat / Videos

সৰা ৰজাৰ বংশধৰ সমৰসিং ডেকাৰ ৰাজ অভিষেকcoronation of the king - Coronation ceremony for King Sara

ৰহা, ৩০ জুন : বুৰঞ্জী প্ৰসিদ্ধ মধ্য অসমৰ পাঁচ ৰজাৰ অন্যতম ৰাজ্য হ’ল ৰহাৰ সৰা ৰাজ্য ৷ এই সৰা ৰাজ্যত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয় ৰাজ অভিষেক । সৰা ৰাজ্যৰ ৰাজ পৰিয়ালৰ সৰ্বসন্মতিক্ৰমে সৰা ৰজাৰ বংশধৰ সমৰসিং ডেকাক ৰজা স্বীকৃতি দি স্বকীয় পৰম্পৰাৰে ৰাজ অভিষেক কৰি সিংহাসনত অধিষ্ঠিত কৰা হয় ।

এই অনুষ্ঠানক কেন্দ্ৰ কৰি অঞ্চলটোত শনিবাৰে পুৱাৰে পৰা সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশ । শনিবাৰে পুৱাই ৰজাক পৰম্পৰাগত নীতি-নিয়মেৰে নামঘৰলৈ আদৰি আনে স্থানীয় ৰাইজে । ইয়াৰে পিচত পাঁচোৰজা ক্ৰমান্বয়ে টোপাকুছি, খাইগড়, বাৰপূজীয়া আৰু মিকিৰ ৰাজ্যৰ ৰজাৰ উপস্থিতিত ৰাজ অভিষেক সম্পন্ন কৰি সমৰসিং ডেকাক সৰা ৰাজ্যৰ ৰজা হিচাপে স্বীকৃতি দিয়া হয় ।

উল্লেখ্য যে, ঐতিহাসিক পাঁচো ৰাজ্যৰ বাকী চাৰি ৰাজ্যত পৰম্পৰাগতভাৱে ৰজা আছে যদিও বহু বছৰ ধৰি ঐতিহাসিক সৰা ৰাজ্যত ৰজা নাছিল । সেয়ে ৰাজ্যখনৰ মন্ত্ৰী-বৰ্গ তথা পাৰিষদসকলে আলোচনা কৰি সৰা ৰাজ্যৰ ৰাজ বংশধৰ সমৰসিং ডেকাক এনেদৰে ৰাজ অভিষেক পাতি আনুষ্ঠানিকভাৱে ৰজা হিচাপে স্বীকৃতি দিয়া হয় ।

বিশ্বৰ ভিতৰতে বৃহত্তম গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষত যদিও ৰজাৰ ক্ষমতা নাই, তথাপিও মধ্য অসমৰ ঐতিহাসিক সাতোৰজা আৰু পাঁচোৰজাৰ পৰম্পৰা প্ৰতীকি ৰূপত আজিও প্ৰচলিত হৈ আহিছে ।

লগতে পঢ়ক: তিনিকোণীয়া পুখুৰীৰ পাৰত মটক ৰজা সৰ্বানন্দ সিংহৰ ২১ ফুট উচ্চ প্ৰতিমূৰ্তি উন্মোচন - MATAK KING SARBANANDA SINGHA

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.