শিলচৰ পৌৰসভাৰ বিৰুদ্ধে পূজা কমিটিক উচ্ছেদ কৰি ভূ-মাফিয়াক ভূমি গতোৱাৰ অভিযোগ - Eviction in Silchar

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 4:20 PM IST

thumbnail
শিলচৰ পৌৰসভাৰ উচ্ছেদ অভিযান (ETV Bharat Assam)

শিলচৰ,১ আগষ্ট: শিলচৰৰ কালীমোহন ৰোড দুৰ্গাপূজা কমিটিৰ ভূমিত হঠাৎ চলিল প্ৰশাসনৰ বুলড'জাৰ । চৰকাৰী ভূমি বুলি দাবী কৰি উচ্ছেদৰ নামত বুলড'জাৰেৰে পৌৰসভাই ভাঙি দিলে পূজা কমিটিৰ সীমাৰ দেৱাল । ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পূজা কমিটিৰ মাজত । কমিটিৰ অভিযোগ, "পৌৰসভাই কোনো জাননী প্ৰেৰণ নকৰি হঠাৎ আৰক্ষী আৰু চি আৰ পি এফ উপস্থিত হৈ পূজা কমিটিৰ ভূমিৰ ওপৰত উচ্ছেদ চলায় । বুলড'জাৰ লগাই ভাঙি দিয়ে সীমাৰ দেৱাল । এই ভূমিত আমি সুদীৰ্ঘ ৪০ বছৰৰ ধৰি দুৰ্গাপূজাসহ বিভিন্ন পূজা অনুষ্ঠিত কৰাৰ লগতে সামাজিক কামো কৰি আহিছো ।"  

কিন্তু হঠাৎ এতিয়া এই ভূমি পৌৰসভাই নিজৰ বুলি দাবী কৰি তেওঁলোকক উচ্ছেদ কৰাৰ পৰিকল্পনা কৰিছে । যাৰ বাবে কোনো জাননী নিদিয়াকৈ সম্পূৰ্ণ অবৈধভাবে পূজা কমিটিৰ ভূমিত পৌৰসভাই উচ্ছেদ চলাই বুলি অভিযোগ কৰে কালীমোহন ৰোড দুৰ্গাপূজা কমিটিৰ সদস্যসকলে । এই সন্দৰ্ভত কমিটিৰ বিষয়ববীয়াই কয়,"এই উচ্ছেদত ভূ-মাফিয়াৰ ষড়যন্ত্ৰ জড়িত হৈ আছে । পূজা কমিটিক উচ্ছেদ কৰি এই ভূমি ভূ-মাফিয়াক গতাই দিয়াৰ এক পৰিকল্পনা কৰা হৈছে ।" ঘটনা সন্দৰ্ভত ইতিমধ্যে কালীমোহন ৰোড দুৰ্গাপূজা কমিটিয়ে কাছাৰৰ জিলা আয়ুক্তলৈ এক স্মাৰকপত্ৰ প্ৰদান কৰিছে ।

লগতে পঢ়ক: চাহ শ্ৰমিকৰ মাটি কাঢ়ি গতাইছে বণিয়াক ! চাহ বাগিচাত বিজেপি বৰ্জনৰ হুংকাৰ - Proposed luxury hotels in Kaziranga

লংকাত পৌৰসভাৰ উচ্ছেদ অভিযান - Eviction drive at Lanka

তেজপুৰত অবৈধ নিৰ্মাণত প্ৰশাসনে চলালে বুলড'জাৰ - Eviction at Tezpur

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.