লংকাত নৱ নিৰ্বাচিত সাংসদ কামাখ্যা প্ৰসাদ তাছাক বিজেপি কৰ্মীৰ সম্বৰ্ধনা - Kamakhya Prasad Tasa - KAMAKHYA PRASAD TASA
🎬 Watch Now: Feature Video


Published : Jun 17, 2024, 7:06 AM IST
হোজাই, ১৭ জুন : কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপিৰ নৱ নিৰ্বাচিত সাংসদ কামাখ্যা প্ৰসাদ তাছাক দেওবাৰে লামডিং বিধানসভা সমষ্টিৰ লংকাত সম্বৰ্ধনা জ্ঞাপন কৰা হয় । লংকাত উপস্থিত হোৱাৰ লগে লগে লামডিং সমষ্টিৰ বিজেপি কৰ্মীসকলে নৱ নিৰ্বাচিত সাংসদগৰাকীক উস্ম আদৰণি জনায় ।
লংকাৰ মাজমজিয়াত থকা মা লংকেশ্বৰী নাট্য মন্দিৰত দলীয় কৰ্মকৰ্তাসকলে আয়োজন কৰা আদৰণি সভাত অংশগ্রহণ কৰি কামাখ্যা প্ৰসাদ তাছাই সমষ্টটোৰ ৰাইজক লোকসভা নিৰ্বাচনত তেওঁক ভোট দিয়া বাবে ধন্য়বাদ জ্ঞাপন কৰে ।
উক্ত অনুষ্ঠানটোত কামাখ্যা প্ৰসাদ তাছাই কয় যে সমষ্টিটোৰ ৰাইজৰ সমস্য়া সমাধানৰ বাবে তেওঁ পদক্ষেপ গ্ৰহণ কৰিব । সভাখনত উপস্থিত থাকে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, জিলা বিজেপিৰ সভাপতি অনুপ দেৱসহ লংকাৰ বিজেপি কৰ্মকৰ্তা সকল ।