বিজেপিয় ভগৱান ৰামৰ নামত সমাজত বিদ্বেষ সৃষ্টি কৰিছে : গৌৰৱ গগৈ - MP Gaurav Gogoi on Lord Ram
🎬 Watch Now: Feature Video
Published : Mar 1, 2024, 8:27 PM IST
শিলচৰ, ১ মাৰ্চ: আগন্তুক লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন দলৰ মাজত আৰম্ভ হৈছে বাকযুদ্ধ । ইয়াৰ মাজতেই সাংসদ গৌৰৱ গগৈয়ে আজি কাছাৰৰ ভাঙ্গাৰপাৰত এক দলীয় সভাত অংশগ্ৰহণ কৰি বিজেপিক তীব্ৰ আক্ৰমণৰ লক্ষ্য় হিচাপে লয় । সাংসদ গৰাকীয়ে বিজেপিক সমালোচনা কৰি কয় যে ভগৱান ৰামক বিজেপিয়ে ভোটৰ অস্ত্ৰ হিচাৱে ব্যাবহাৰ কৰিছে । তেওঁ পুনৰ কয় যে বিজেপিয় ভগৱান ৰামৰ নামত সমাজত ঘৃণা -বিদ্বেষ সৃষ্টি কৰিছে ।
সাংসদ গৌৰৱ গগৈয়ে কয়," ভগৱান ৰামৰ প্ৰতি আমাৰ ভক্তি আৰু আস্থা আছে ৷ ইয়াৰ বিপৰীতে বিজেপিয়ে ভগৱান ৰামৰ নামটো ভোটৰ অস্ত্ৰ হিচাপেহে ব্যাবহাৰ কৰিছে ৷ আমি ভগৱান ৰামক আৰাধনা কৰো । কিন্তু বিজেপিয়ে ৰামৰ নামত সমাজত ঘৃণাৰ ভাৱ বিয়পাইছে ৷"
বৃহস্পতিবাৰ কাছাৰৰ ভাঙ্গাৰপাৰত অনুষ্ঠিত দলীয় সভাত এনেদৰে বিজেপিক আক্ৰমন কৰি সাংসদ গৌৰৱ গগৈয়ে কয়," বিভাজনৰ ৰাজনীতি কৰি ভোটযুদ্ধ পাৰ হ'ব বিচাৰে বিজেপিয়ে ৷ " বৰাক-ব্ৰহ্মপুত্ৰৰ মাজত বিভাজন সৃষ্টি কৰাৰ চেষ্টা কৰে বিজেপিয়ে ৷ আনহাতে, ই ডি ,চিআইডিৰ প্ৰসংগকলৈয়ো গৌৰৱ গগৈয়ে মন্তব্য কৰি কয়, "ইডি, চিআইডি সকলো সময়ত লগত নাথাকে ৷ কংগ্ৰেছ ক্ষমতাত আহিলে এই ইডি, চিআইডি আমাৰ লগত থাকিব তেতিয়া সকলো ফাইল খোলা হ'ব । "