কংগ্ৰেছ দলে নিজকেই ধ্বংস কৰাত লাগি গৈছে : ভুৱনেশ্বৰ কলিতা - MP Bhubaneswar Kalita

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 10:03 PM IST

ৰঙিয়া, 14 মাৰ্চ : লোকসভা নিৰ্বাচনত কংগ্ৰেছে যে এখন আসনো পাব সেই কথাও এতিয়া তেওঁলোকে ক’ব নোৱৰা হৈছে বুলি মন্তব্য ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন কংগ্ৰেছ নেতা ভুৱনেশ্বৰ কলিতাৰ ৷ ইয়াৰ কাৰণ- কংগ্ৰেছ দলটো এটা নেতাসৰ্বস্ব দল হৈ পৰিছে বুলি কয় সাংসদ কলিতাই ৷ আজি ৰঙিয়াৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদ ভূৱনেশ্বৰ কলিতাই কংগ্ৰেছ দলক এইদৰে সমালোচনা কৰা পৰিলক্ষিত হ’ল ৷

তেওঁ কয় যে, কংগ্ৰেছ দলে নিজকেই ধ্বংস কৰাত লাগি গৈছে ৷ তেওঁলোকে ব্যক্তিগত স্বাৰ্থত দলটোক ব্যৱহাৰ কৰি দলটোক দুৰ্বল কৰি পেলাইছে ৷  দলটোত এতিয়া কৰ্মী নাই আৰু কৰ্মী নহ’লে নিৰ্বাচন জিকিব নোৱাৰে বুলিও কয় সাংসদগৰাকীয়ে ৷

আনহাতে মঙলদৈ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়া বিপুল ভোটত জয়ী হ’ব বুলি মন্তব্য কৰে সাংসদ ভূৱনেশ্বৰ কলিতাই ৷ সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী তুলনামূলকভাৱে যথেষ্ট দুৰ্বল প্ৰাৰ্থী বুলি উল্লেক কৰি বৰ্তমান ৰাইজৰ মাজত তেওঁৰ জনপ্ৰিয়তাও কম বুলি উল্লেখ কৰে তেওঁ ৷  

ৰাজ্যসভাৰ সাংসদগৰাকীয়ে লগতে কয় যে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ পৰাজিত হ’ব ৷ কাৰণ কলিয়াবৰৰ পৰা পূৰ্বতে নিৰ্বাচনত অৱতীৰ্ণ হোৱা গৌৰৱ গগৈৰ তাত এটা ভোটবেংক আছিল ৷ কিন্তু এতিয়া বেলেগ এটা সমষ্টিত গৈ পুনৰ আগৰ দৰে ভোটবেংক গঠন কৰাটো যথেষ্ট প্ৰত্যাহ্বান পূৰ্ণ হ’ব ৷ সেয়েহে তাতো কংগ্ৰেছৰ প্ৰাৰ্থী পৰাজিত হোৱাৰ লগতে বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ বিপুল ভোটাৰ ব্যৱধানত জয়ী হ’ব বুলি মন্তব্য কৰে ভূৱনেশ্বৰ কলিতাই ৷ 

লগতে পঢ়ক : কান্দি কান্দি কলিয়াবৰৰ ৰাইজে বিদায় দিলে গৌৰৱ গগৈক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.