thumbnail

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 8:00 AM IST

ETV Bharat / Videos

চিৰাঙত GSP ত যোগদান ৩ শতাধিক লোকৰ

চিৰাং,১৬ ফেব্ৰুৱাৰী: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ তৎপৰতা তুংগত উঠিছে । কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা দুবাৰকৈ সাংসদ পদত জয়ী হোৱা নৱ শৰণীয়া নেতৃত্বাধীন দল গণ সুৰক্ষা পাৰ্টীয়ো পিচ পৰি থকা নাই এই ক্ষেত্ৰত । বৃহস্পতিবাৰে চিৰাং জিলাৰ কাশিকত্ৰাত অনুষ্ঠিত হয় জিলা গণ সুৰক্ষা পাৰ্টীৰ এক যোগদান সভা । বিটিআৰৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ উপস্থিতিত অনুষ্ঠিত যোগদান সভাত বিপিএফ আৰু ইউপিপিএল দলৰ পৰা ৩৫০ জন লোকে গণ সুৰক্ষা পাৰ্টীত যোগদান কৰে ।  

অবড়ো সুৰক্ষা সমিতিৰ ঔৰসত জন্ম গ্ৰহণ কৰা গণ সুৰক্ষা পাৰ্টীত বহু সংখ্যক বড়ো লোকেও যোগদান কৰা পৰিলক্ষিত হয় । অনুষ্ঠানত গণ সুৰক্ষা পাৰ্টীৰ একমাত্ৰ পাৰিষদ তথা বিটিআৰৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে কয় এইবাৰ সমগ্ৰ ভাৰততে গণ সুৰক্ষা পাৰ্টীয়ে প্ৰাৰ্থী দিব । কোকৰাঝাৰত নৱ শৰণীয়াই নিৰ্বাচন খেলিব পাৰিব নে নাই সেই বিষয়ে নিৰ্বাচনী আয়োগে কোনো জাননী দিয়া নাই । গতিকে নৱ শৰণীয়াই নিৰ্বাচন খেলাত কোনো বাধা নাই বুলি জনায় । মাৰ্চ মাহত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব গণ সুৰক্ষা পাৰ্টীয়ে । 

লগতে পঢ়ক: গাঁও চলো কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.