তাঁতশালে দিছে মাহে ১০ৰ পৰা ১৫হাজাৰ টকা : দেশৰ সীমা পাৰ হৈছে বাক্সাৰ শিপিনীয়ে বোৱা কাপোৰ - National Handloom Day 2024

By ETV Bharat Assamese Team

Published : Aug 7, 2024, 7:36 PM IST

thumbnail
তাঁতশালে দিছে মাহে ১০ৰ পৰা ১৫হাজাৰ টকা (ETV Bharat Assam)

বাক্সা, ৬ আগষ্ট : আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস ৷ অতীজৰে পৰা আমাৰ সাংস্কৃতিক ঐতিহ্য আৰু জাতীয় জীৱনৰ অপৰিহাৰ্য অংগ হস্ততাঁত বয়নশিল্পই ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ অৰ্থনীতিৰ উত্তৰণৰ ক্ষেত্ৰত এক উল্লেখনীয় ভূমিকা পালন কৰি আহিছে ৷

ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ দিনটোত বাক্সা জিলাৰ বৰমা খাৰুৱাত অৱস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো Integrated Handloom & Textile পাৰ্কত শিপিনীসকল ব্যস্ত হৈ থকা গ’ল । যি দৃশ্য প্ৰতিদিনেই দেখা যায় ৷ পাৰ্কখনত ২০০ৰো অধিক শিপিনীয়ে একেলগে তাঁতশাল চলায় । এই বয়ন শিল্পই মহিলাসকলক স্বাৱলম্বী কৰাত যথেষ্ট অৰিহণা যোগাইছে ।

তাঁতশালৰ জৰিয়তে মহিলাসকলে মাহত দহ হাজাৰৰ পৰা পোন্ধৰ হাজাৰ টকা উপাৰ্জন কৰে ৷  বাক্সাৰ বৰমাৰ খাৰুৱাৰ উক্ত পাৰ্কত উৎপাদিত বস্ত্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাষ্ট্ৰলৈও ৰপ্তানি হয় ।

লগতে পঢ়ক : পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ সৃষ্টিৰাজি সংৰক্ষণৰ বাবে চৰকাৰে নিৰ্মাণ কৰিব সংগ্ৰহালয়

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.