আন্তঃৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত মনোজ দেৱনাথে আজুৰিলে ব্ৰঞ্জৰ পদক - International Arm wrestling

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 7:47 PM IST

thumbnail
আন্তঃৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ মনোজ দেৱনাথৰ (ETV Bharat Assam)

ডিব্ৰুগড়, 18 জুলাই : ক্ৰীড়া ক্ষেত্ৰত চমকপ্ৰদ সফলতা অৰ্জন কৰি অসমৰ খেলুৱৈয়ে বিশ্বত দেশৰ নাম উজলাবলৈ সক্ষম হৈছে ৷ ইয়াৰ মাজতে আন্তঃৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে ডিব্ৰুগড়ৰ এজন প্ৰতিভাৱান খেলুৱৈয়ে ৷

বিগত 13 আৰু 14 জুলাইত ভিয়েটনামত অনুষ্ঠিত হোৱা 70 কেজি অনুৰ্ধ Hanoi Open International Arm Wrestling Championship ত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি ডিব্ৰুগড়ৰ প্ৰতিভাৱান খেলুৱৈ মনোজ দেৱনাথে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ থাইলেণ্ডৰ যুৱ বিশ্ব চেম্পিয়ন জছ নিকোলাছৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই এই পদক লাভ কৰে মনোজ দেৱনাথে ৷

উল্লেখ্য যে, এইবাৰৰ এই প্ৰতিযোগিতাত ৰাছিয়া, কাজাখাস্তান, চীন, চিংগাপুৰ আদিকে ধৰি বিশ্বৰ 12 খন দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল ৷ অসমৰ পৰা কেৱল মনোজ দেৱনাথে দেশৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ নিমন্ত্ৰণ লাভ কৰি এই সফলতা লাভ কৰাত উৎফুল্লিত দেশ তথা ৰাজ্যৰ ক্ৰীড়াপ্ৰেমী ৷ আজি ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হোৱাত খেলুৱৈগৰাকীক উষ্ম আদৰণি জনাই বিভিন্ন দল-সংগঠনে ৷ 

লগতে পঢ়ক : অলিম্পিকৰ পৰা নিষিদ্ধ হোৱা অলিম্পিক ইতিহাসৰ আটাইতকৈ অদ্ভুত খেলসমূহ - Paris Olympic 2024

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.