কংগ্ৰেছে সঠিক সিদ্ধান্ত লোৱা নাই : মনোৰঞ্জন তালুকদাৰ - MLA Manoranjan Talukdar - MLA MANORANJAN TALUKDAR

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 9:27 PM IST

বৰপেটাৰোড 17 জুলাই : ৰাজ্যৰ 5 টা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনত কংগ্ৰেছে অকলেই অৱতীৰ্ণ হোৱাৰ কথা উল্লেখ কৰাত অসন্তুষ্টি ব্যক্ত কৰিছে সৰভোগৰ চি পি আই (এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷ বিধায়কগৰাকীয়ে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, কংগ্ৰেছৰ এনে ভুল নীতিৰ বাবে বিজেপি লাভাম্বিত হ’ব ৷ বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছে বৰপেটা আসনখন বিজেপিক উপহাৰ দিয়া বুলি উল্লেখ কৰি বিধায়ক মনোৰঞ্জন তালুকদাৰে কয় যে, পাঁচোটা সমষ্টিত অকলে নিৰ্বাচন খেলাৰ কংগ্ৰেছৰ এই সিদ্ধান্ত হঠকাৰী সিদ্ধান্ত ৷ এনে সিদ্ধান্তই নিশ্চিতভাৱে বিৰোধী ঐক্যত ভাঙোনৰ সৃষ্টি কৰিব বুলি কয় তেওঁ ৷

বিধায়কগৰাকীয়ে লগতে কয় যে, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ থকাৰ পাচতো তেওলোকে উপ-নিৰ্বাচনৰ বাবে পাঁচখন আসনৰ তিনিখন আসনত নিৰ্বাচনত অৱতীৰ্ণ হ’ব ৷ তেনেক্ষেত্ৰত বিৰোধী ঐক্য থকাৰ পাচতো কোনোধৰণৰ আলোচনা নকৰাকৈয়ে কংগ্ৰেছে অকলেই পাঁচখন আসনত নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি কৰা ঘোষণাৰ জৰিয়তে উপ-নিৰ্বাচনত পাঁচখন আসনেই বিজেপিক অনায়াসে গতাই দিবলৈ আগবাঢ়িছে বুলিও কয় বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷

লগতে পঢ়ক : দূৰত্ব বাঢ়িছে অখিল গগৈ-কংগ্ৰেছৰ : উপ-নিৰ্বাচনক লৈ ঐক্য মঞ্চত আকৌ অনৈক্য - Opposition unity Assam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.