অখিল-লুৰীণ-কংগ্ৰেছে হিন্দু-মুছলমানৰ দোকান খুলি বহি আছে: মানৱ ডেকা - Manab Deka slams Congress

By ETV Bharat Assamese Team

Published : Sep 3, 2024, 10:10 PM IST

thumbnail
বিৰোধীক সমালোচনা বিধায়ক মানৱ ডেকাৰ (ETV Bharat Assam)

লখিমপুৰ, ৩ ছেপ্টেম্বৰ : বিধানসভাত শুকুৰবৰীয়া নামাজ বিৰতি প্ৰথা বন্ধ কৰাক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত মুখ খুলিছে বিধায়ক মানৱ ডেকাই । মুছলিম লীগৰ সিদ্ধান্ত ভাৰতবৰ্ষই মানি নলয় বুলি উল্লেখ কৰি বিজেপিৰ ইছ্যুক বিৰোধী দলে ভোট আদায়ৰ কৌশলৰূপে ব্যৱহাৰ কৰাৰ বাবে সমালোচনা কৰে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই ।

তেওঁ কয়, "বিজেপিৰ মূল স্থিতি হৈছে মিঞা আৰু অসমীয়া, খিলঞ্জীয়া আৰু বহিৰাগত । কিন্তু বিজেপিৰ এই স্থিতিত কংগ্রেছ, ৰাইজৰ দল, জাতীয় পৰিষদে 'শ্বক এবজ'ৰভাৰ'ৰ দৰে কাম কৰে । বিজেপিয়ে যেতিয়াই মিঞা-অসমীয়া অথবা খিলঞ্জীয়া-বহিৰাগতৰ কথা কয়, তেতিয়াই কংগ্রেছ, ৰাইজৰ দল আৰু জাতীয় পৰিষদে হিন্দু-মুছলমানৰ দোকান খুলি ভোট আদায়ৰ চেষ্টা কৰে ।"

"বিজেপিৰ এই ইচ্ছ্যুটো ভূপেন বৰা, অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈয়ে ভোটলৈ সলনি কৰে ।" মঙলবাৰে বিজেপিৰ জিলা কাৰ্যালয়ত বিজেপিৰ মিঞা-অসমীয়া, খিলঞ্জীয়া-বহিৰাগতৰ স্থিতি সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ এনেদৰে কয় ।

আনহাতে, নামাজৰ সময়ত বিধানসভাত ছুটীৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয়, "ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ । ভাৰতবৰ্ষৰ কোনো সংসদ বা বিধানসভাত নামাজ পঢ়াৰ ব্যৱস্থা নাই । তাহানিতে মুছলিম লীগৰ নেতা ছাদুল্লাই এই সিদ্ধান্ত লৈছিল । মুছলিম লীগেই ভাৰতবৰ্ষখন দ্বিখণ্ডিত কৰিছিল । ১৯৪৭ চনৰ পাছতে এই সিদ্ধান্ত বাতিল হ'ব লাগিছিল । মুছলিম লীগৰ এই সিদ্ধান্ত আমি কিয় মানি ল'ম । এই কামক ধৰ্মীয় দৃষ্টিভংগীৰে চোৱাৰ প্ৰয়োজন নাই । আমিতো সোমবাৰে সংসদ, বিধানসভাত শিৱ পূজা নাপাতো । এয়া হ'ল গণতন্ত্রৰ মন্দিৰ ।"

লগতে পঢ়ক :অনলাইন ট্ৰেডিঙৰ বিপদ : ধন বিনিয়োগকাৰীক মুখ্যমন্ত্ৰীয়ে ক’লে "আৰু এনেকুৱা নকৰিব" - online trading fraud
লগতে পঢ়ক :আপোনাৰ সন্তানে কি কাম কৰে জানেনে ? যদি নাজানে সাৱধান হওক - Assam police cyber cell

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.