কাৰিকৰী অসুবিধাৰ বাবেহে আজি যোগদান নকৰিলে কমলাক্ষ দে’ পুৰকায়স্থই: ভৱেশ কলিতা - ৰাণা গোস্বামীৰ বিজেপিত যোগদান

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 4:50 PM IST

গুৱাহাটী, 29 ফেব্ৰুৱাৰী : আজি বিজেপিত মেগা যোগদান কাৰ্যসূচী ৷ সদ্য কংগ্ৰেছ ত্যাগী ৰাণা গোস্বামীয়ে আজি বিজেপিত যোগদান কৰে । লগতে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থয়ো আজিয়ে বিজেপিত যোগদান কৰাৰ কথা আছিল ৷ কিন্তু কিছু কাৰিকৰী অসুবিধাৰ বাবে কিছুদিন পিচতহে তেওঁ যোগদান কৰিব ।

বিজেপিৰ মেগা যোগদান কাৰ্যসূচী সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই মত প্ৰকাশ কৰে ৷ তেওঁ কয় যে, বিগত ছমাহ ধৰি বিজেপিত যোগদান হৈয়ে আছে ৷ আগলৈয়ো হৈ থাকিব ৷ সমান্তৰালকৈ তেওঁ কয় যে এইকেইদিনৰ ভিতৰত নতুনকৈ যোগদান কৰা সকলক দলটোৰ নীতি আদৰ্শ সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হ’ব । বিজেপিৰ আদৰ্শ, ইতিহাস আদিৰ সৈতে সমাহিত হ’বলৈ শিকোৱা হ’ব প্ৰশিক্ষণত ৷

যোগদানৰ মাজতে বিজেপি নেতৃত্ব দিল্লীলৈ যোৱাৰ কথাও উল্লেখ কৰে । দিল্লীত সংসদীয় ব’ৰ্ডৰ বৈঠক আছে বুলি মন্তব্য কৰি অসমৰ প্ৰাৰ্থী তালিকা দুই তিনিদিনৰ ভিতৰত প্ৰকাশ হ’ব বুলি কয় । বিজেপিৰ আসন পূৰ্বতকৈ বৃদ্ধি পাব বুলি দাবী কৰে ভৱেশ কলিতাই । কা সন্দৰ্ভতো বিধায়কজনে মন্তব্য কৰে ৷

লগতে পঢ়ক : ৰাণা গোস্বামীয়ে বিজেপিত যোগদান কৰিলে বিজেপিৰ লাভ হ’ব: ৰামেশ্বৰ তেলী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.