গো-মাংস নিষিদ্ধৰ সিদ্ধান্ত বাতিলৰ দাবী বিধায়ক আশ্ৰাফুল হুছেইনৰ - MLA ASHRAFUL ON BEEF POLITICS
🎬 Watch Now: Feature Video
Published : Dec 6, 2024, 1:43 PM IST
বৰপেটা : "গো-মাংসক লৈ এয়া কংগ্ৰেছৰ নেতা তথা ধুবুৰী সাংসদ ৰকিবুল হুছেইন আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত চলি থকা পিৰীতিৰ ফল ।" এই মন্তব্য চেঙাৰ এ আই ইউ ডি এফ বিধায়ক বিধায়ক আশ্ৰাফুল হুছেইনৰ ৷
তেওঁ লগতে কয়, "মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইন দুয়ো ভাল বন্ধু আৰু সেয়ে তেওঁলোকৰ মাজত বাকযুদ্ধ নহয়, তেওঁলোকৰ পিৰীতিহে চলে ।"
চেঙাৰ বিধায়কগৰাকীয়ে আৰু কয়, "এই দুই নেতাৰ ৰাজনৈতিক পিৰীতিৰ বাবেই অসমত হাজাৰ হাজাৰ মানুহে সৰু-সুৰা ৰেস্তোৰাঁ, দোকান-পোহাৰ আদি দি বা কোনোবাই যদি গো-মাংসক কেন্দ্ৰক কৰি ব্যৱসায় কৰি আছিল সেয়া বন্ধ হ'ব ৷ আমি ব্যক্তিগতভাৱে বা আমাৰ দলে ভাবো কোনে কি মাংস খাব, নাখাব তাক পাকঘৰলৈ গৈ আমি জুমি চোৱাৰ প্ৰয়োজন নাই ৷ গো-মাংসকেন্দ্ৰিক ৰাজনীতিৰ জৰিয়তে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিব আৰু এই ৰাজনীতিয়ে বিজেপিক অৱশ্যেই লাভান্বিত কৰিব ৷"
গো-মাংস নিষিদ্ধকৰণৰ প্ৰভাৱ সন্দৰ্ভত তেওঁ কয়, "এই সিদ্ধান্তৰ ফলত অৰ্থনৈতিক ক্ষেত্ৰখনত যথেষ্ট প্ৰভাৱ পৰিব ৷ মিচিং মানুহেই কওক বা চৰ অঞ্চলৰ মানুহেই কওক, তেওঁলোকৰ জীৱিকাৰ উৎসৰ ভিতৰত কিন্তু গৰু মুখ্য ৷ গৰুৰ যেতিয়া ব্যৱসায় নচলিব বা বিক্ৰী বন্ধ হ'ব তেতিয়া কিন্তু এই লোকসকল ক্ষতিগ্ৰস্ত হ'ব ৷ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিবলৈ বহুত বিষয় আছে ৷ অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা আৰম্ভ কৰি হাজাৰ হাজাৰ মানুহৰ জীৱন-জীৱিকাৰ ওপৰত চৰকাৰে হস্তক্ষেপ নকৰাটো উচিত ৷ গতিকে আমি ভাবো যে কেবিনেটৰ এই সিদ্ধান্ত বাতিল কৰিব লাগে ৷"