কণমানি ছাত্ৰক প্ৰহাৰ কৰাক লৈ শিক্ষকৰ বিৰুদ্ধে এজাহাৰ দাখিল - Teacher beating student

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 6:46 PM IST

thumbnail
ছাত্ৰক প্ৰহাৰ কৰাক লৈ শিক্ষকৰ বিৰুদ্ধে এজাহাৰ (ETV BHARAT ASSAM)

নলবাৰী, 13 জুন : নলবাৰীত শিক্ষকৰ বিৰুদ্ধে ছাত্ৰক নিষ্ঠুৰভাৱে প্ৰহাৰ কৰাৰ অভিযোগ ৷ নলবাৰীৰ মুকালমুৱাৰ ৰামপুৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ এজন ছাত্ৰক বিদ্যালয়ৰে এজন শিক্ষকে নিৰ্দয়ভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ৰামপুৰৰ ব্ৰাইট ষ্টাৰ ইংলিছ একাডেমী নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰক অতি বৰ্বৰভাৱে প্ৰহাৰ কৰা অভিযোগ উত্থাপন হৈছে শিক্ষক দিগন্ত বৈশ্যৰ বিৰুদ্ধে ৷

ছাত্ৰজনে বেঞ্চত লিখাৰ অপৰাধতে তেওঁক শিক্ষকজনে বৰ্বৰভাৱে প্ৰহাৰ কৰাৰ অভিযোগ কৰিছে পৰিয়ালে ৷ শিক্ষকজনৰ প্ৰহাৰত ছাত্ৰজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আহত ছাত্ৰজনক পৰিয়ালৰ লোকে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷ ঘটনা সংঘটিত কৰিয়ে শিক্ষকজনে বিদ্যালয়ৰ পৰা পলায়ন কৰে বুলি জানিবলৈ দিছে ছাত্ৰজনৰ অভিভাৱকে ৷ ইফালে ভুক্তভোগী ছাত্ৰগৰাকীৰ পৰিয়ালে ঘটনাৰ উচিত ন্যায় বিচাৰি দৌলাশাল আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷
 

লগতে পঢ়ক : ছাত্ৰ-ছাত্ৰীৰে ভৰি থকা বিদ্যালয়ত হঠাৎ ওলমিল তলা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.