তিনিচুকীয়াত ইএছআইচি চিকিৎসালয় উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ - Minister Sanjoy Kishan

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 4:16 PM IST

তিনিচুকীয়া, ৭ মাৰ্চ: বৃহস্পতিবাৰে তিনিচুকীয়া চহৰত ২০ খন বিচনাযুক্ত এখন হাস্পতাল শুভ উদ্বোধন কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ ই এছ আই চি শুভ উদ্বোধন কৰাৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভূমি পূজন কৰে কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ ১০০ খন বিচনাযুক্ত আন এখন হাস্পতালৰ । 136 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব হাস্পতালখন ৷ আগন্তুক তিনিটা বছৰৰ ভিতৰত তিনিচুকীয়াবাসীয়ে ১০০ খন বিচনাযুক্ত হাস্পতালখন লাভ কৰিব বুলি জানিবলৈ দিছে  শ্ৰম আৰু নিয়োগ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ 

মন্ত্ৰীগৰাকীয়ে কয় যে তিনিচুকীয়াত বহুকেইটা উদ্যোগ আছে ৷ উক্ত উদ্যোগসমূহৰ শ্ৰমিকসকলক শ্ৰম আৰু নিয়োগ বিভাগৰ তৰফৰ পৰা চিকিৎসাৰ সুবিধা প্ৰদান কৰিব লাগে ৷ কিন্তু তিনিচুকীয়াত সেয়া কৰা হোৱা নাছিল ৷ অসম চৰকাৰৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ সৈতে আলোচনা কৰি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে তিনিচুকীয়াত  ই এছ আই চি হাস্পতালৰ ব্যৱস্থা কৰা বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে অসম চৰকাৰৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ আৰু ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন ।

লগতে পঢ়ক: শিশু, যুৱতী, বোৱাৰী নিৰুদ্দেশ হোৱা সন্দৰ্ভত সৰৱ ডুমডুমা মহিলা সমিতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.