ভৱিষ্যত কেৱল NDAৰ হে আছে : মন্ত্ৰী কেশৱ মহন্ত
🎬 Watch Now: Feature Video
কলিয়াবৰ, 25 ফেব্ৰুৱাৰী: পুনৰ বিৰোধী ঐক্যৰ সমালোচনাত সৰৱ হৈ পৰিল অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত ৷ অসমত বিৰোধী শিৱিৰৰ অস্তিত্ব থাকিবনে বুলি কলিয়াবৰত সংবাদ মাধ্যমে সোধা এক প্ৰশ্নৰ উত্তৰত অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে প্ৰতিক্ৰিয়া আগবঢ়ায় বিৰোধী দল থকা নথকাতো দলটোৰ কৰ্ম-কৰ্তাসকলৰ ওপৰত নিৰ্ভৰ কৰিব বুলি উল্লেখ কৰে ৷
লোকসভা নিৰ্বাচনক লক্ষ্য কৰি কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা বিৰোধী ঐক্যক সমালোচনা কৰি মহন্তই এয়া সম্পূৰ্ণৰূপে বিফল হোৱা বুলি দাবী কৰে । লগতে NDA ৰহে ভৱিষ্যৎ আছে বুলি কয় অগপৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে । কাজিৰঙা লোকসভা সমষ্টি অগপ দলে দাবী কৰিব নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী কেশৱ মহন্তই বিষয়টো সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰাতকৈ দলৰ মজিয়াত আগতে আলোচনা কৰিব বুলি জনায় ।
অগপই লোকসভা নিৰ্বাচনত তিনিখন আসন বিচাৰিব বুলি কলিয়াবৰত সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে মন্ত্ৰী কেশৱ মহন্তই । তদুপৰি, বহু কংগ্ৰেছী নেতাই অগপ অথবা বিজেপি দলত যোগ দিবলৈ উপযুক্ত সময়লৈ অপেক্ষা কৰিছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক: বিৰোধী দলত ঐক্য আছেনে ? কোনে কি কয়