চিৰাঙত গাঁওবুঢ়াসকলৰ সৈতে মন্ত্ৰীৰ আলোচনা - Gaon Burah Conference - GAON BURAH CONFERENCE
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-04-2024/640-480-21324301-thumbnail-16x9-newss.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Apr 26, 2024, 10:15 PM IST
চিৰাং, 26 এপ্ৰিল: ‘‘বি পি এফ নাই এতিয়া, এ আই ইউ ডি এফৰ সমৰ্থন লোৱাৰ পিচত শেষ হ’ল । বিগত নিৰ্বাচনবোৰত হাৰি হাৰি বি পি এফ দল নোহোৱা হ’ল । কোকৰাঝাৰত বি পি এফৰ সংখ্যালঘু ভোট কংগ্ৰেছত পৰিব, সেয়ে এন ডি এৰ সৈতে প্ৰতিদ্বন্দ্বিতা হ’ব কংগ্ৰেছৰ ৷’’ এই মন্তব্য মন্ত্ৰী অশোক সিংহলৰ ।
মন্ত্ৰী সিংহলে লগতে কয় যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনত টাৰ্গেট হ’ল আদিবাসীসকলৰ সমৰ্থন লাভ কৰা । চিৰাঙৰ কাজলগাঁৱত শুকুৰবাৰে এন ডি এ মিত্ৰজোঁটৰ সৈতে আলোচনাত মিলিত হয় আদিবাসী গাঁওবুঢ়া আৰু বুদ্ধিজীৱী । আলোচনাত উপস্থিত থাকে বি টি চি প্ৰধান প্ৰমোদ বড়ো আৰু অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহল । আদিবাসীসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰা হয় ।
লগতে পঢ়ক: মহিলাক লাখপতি কৰাৰ সপোন দেখুৱাই মাত্ৰ জাপে জাপে ফৰ্ম বিলালে বিজেপিয়ে: গৌৰৱ গগৈ