ব্ৰহ্মপুত্ৰৰ সুঁতিয়ে নামনি মাজুলীৰ ২০খন গাঁৱলৈ কঢ়িয়াই আনিছে ভাবুকি, গছৰ ডালেৰে প্ৰতিৰোধৰ চেষ্টা - EROSION IN MAJULI

By ETV Bharat Assamese Team

Published : Jul 29, 2024, 8:32 PM IST

thumbnail
গছৰ ডালেৰে প্ৰতিৰোধৰ চেষ্টা (ETV Bharat Assam)

মাজুলী, ২৯ জুলাই: চৰকাৰে খহনীয়া প্ৰতিৰোধৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও মাজুলীত খহনীয়া অব্যাহত আছে । মাজুলীৰ ভালুকমৰা অঞ্চলত ব্ৰহ্মপুত্ৰৰ পৰা বৈ অহা সুঁতিয়ে ব্যাপক খহনীয়াৰ সৃষ্টি কৰিছে । খহনীয়াত চপৰা চপৰে জাহ গৈছে খেতিয়কৰ একমাত্ৰ ভৰসা খেতিৰ মাটিডৰা । ব্ৰহ্মপুত্ৰৰ সুঁতিয়ে নিতৌ নতুন নতুন অঞ্চল খহাইছে । এই ভয়াবহ খহনীয়াৰ ৰূপ দেখি চিন্তিত হৈছে খেতিয়ক তথা নৈপৰীয়া ৰাইজ । সেয়ে খহনীয়া প্ৰতিৰোধৰ বাবে সোমবাৰে ওলাই আহিল ৰাইজ ।

আজি কেইবাখনো গাঁৱৰ ৰাইজে খহনীয়াই তাণ্ডৱ সৃষ্টি কৰা ঠাই সমূহত গছৰ ডাল কাটি প্ৰতিৰোধৰ চেষ্টা চলায় । উল্লেখ্য যে কিছুদিন পূৰ্বে ছিগা মথাউৰি পৰিদৰ্শন আৰু বানপানীৰ অৱস্থাৰ বুজ ল'বলৈ মাজুলীত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ পৰা বিশেষজ্ঞৰ দল পঠাই উন্নত প্ৰযুক্তিৰ জৰিয়তে খহনীয়া প্ৰতিৰোধৰ ব্যবস্থা ল'ব বুলি আশ্বাস প্ৰদান কৰিছিল যদিও এতিয়ালৈকে কিন্তু ব্যৱস্থা কৰা নাই । সেয়ে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক খহনীয়া প্ৰতিৰোধৰ দাবী জনাইছে মাজুলীৰ ৰাইজে ।

লগতে পঢ়ক:বিধায়কৰ ছাঁটোকে দেখিবলৈ নাই: চেঙাত নিজাববীয়া প্ৰচেষ্টাত খহনীয়া ৰোধৰ চেষ্টা ৰাইজৰ - EROSION OF BRAHMAPUTRA RIVER

লখিমপুৰ নগৰৰ সুৰক্ষা কৱচলৈ ভাবুকি কঢ়িয়াইছে ৰঙানদীয়ে - Erosion in Lakhimpur

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.