আৰক্ষীৰ বৃহৎ সফলতা: তিতাবৰত ড্ৰাগছসহ ৭ জনক আটক - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 10:42 AM IST

যোৰহাট, 23 ফেব্ৰুৱাৰী : তিতাবৰ মহকুমাৰ আৰক্ষী বিষয়া কাকলি পাটগিৰিৰ নেতৃত্বত যোৱা আৰক্ষী আৰু CRPF দলে মৰাত্মক ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত বৃহস্পতিবাৰে নিশা কেবাজনো লোকক আটক কৰে‌ । আটকাধীন ব্যক্তিকেইজনৰ মন্তব্যৰ আধাৰতেই তিপমীয়া বাগদিয়া অঞ্চলৰ জাহিদ শ্বাহ শইকীয়া নামৰ লোকজনৰ ঘৰৰ পৰা দলটোৱে উদ্ধাৰ কৰে ড্ৰাগছৰ লগতে নগদ টকাসহ বহু আপত্তিজনক সামগ্ৰী ।

আৰক্ষী চকুত ধূলি দি দীৰ্ঘদিন ধৰি জাহিদ শ্বাহ শইকীয়াই অঞ্চলটোৰ যুৱক-যুৱতীক ড্ৰাগছ যোগান ধৰি অহাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । তাৎপৰ্যপূৰ্ণ যে উক্ত ঘৰটোত ড্ৰাগছ ল’বলৈ বহু সংখ্যক যুৱক-যুৱতীয়ে ভিৰ কৰেহি । উল্লেখ্য যে তিতাবৰৰ বিভিন্ন প্ৰান্তত সহজ ধন ঘটাৰ স্বাৰ্থত একাংশই মৰাত্মক ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্য যোগান আৰু ব্যৱহাৰত উদগনি দি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ দৰে বৰবিহৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিচত সমগ্ৰ ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে আৰু আৰক্ষী কঠোৰ হোৱা পৰিলক্ষিত হৈছে । ইয়াৰ পিচতো একাংশই মৰাত্মক ড্ৰাগছৰ অবাধ প্ৰচলন অব্যাহত ৰাখিছে । এনে ঘটনাৰ লগত জড়িতসকলক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : আৰক্ষীৰ গুলীত হুইল চেয়াৰত বহিল ড্ৰাগছ সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.