নুমলীগড়ত বন্যহস্তীৰ আক্ৰমণত নিহত এজন - wild elephant attack
🎬 Watch Now: Feature Video
গোলাঘাট, 20 মে’ : গোলাঘাট জিলাৰ নুমলীগড়ৰ ভিন্ন প্ৰান্তত অব্যাহত আছে বনৰীয়া হাতীৰ ত্ৰাস ৷ জিলাখনৰ বকিয়াল বুঢ়াগোহাঁই খাটত বন্যহস্তীৰ আক্ৰমণত নিহত এজন লোক ৷ নিশা শুই থকা অৱস্থাত বন্যহস্তীয়ে বাসগৃহত লণ্ডভণ্ড কৰাৰ লগতে ঘৰৰ ভিতৰত শুই থকা অৱস্থাতেই আক্ৰমণ কৰে চটু ওৰাং নামৰ লোকজনক ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷
উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি বৃহত্তৰ মৰঙী মৌজাৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে জনাঞ্চলত প্ৰবেশ কৰি সৃষ্টি কৰি আহিছে ত্ৰাসৰ ৷ স্থানীয় ৰাইজে বাৰম্বাৰ এই হাতী-মানুহৰ সংঘাত নিৰ্মূল কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় জনপ্ৰতিনিধিক অনুৰোধ জনাই আহিছে যদিও বৰ্তমানলৈকে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ৷
লগতে পঢ়ক : চিয়াং নদীত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ নিগনী টুকুৰা সুঁতিত - Body Of Missing Youth Recovered